বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে আইন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰ ইচ্ছুক : মুখ্যমন্ত্রী

আগন্তুক ‘এডভান্টেজ আছাম ২.০’ উপলক্ষে মুম্বাইত বর্ণাঢ্য ৰোডশ্ব’ত অংশগ্রহণ মুখ্যমন্ত্রী ড° শৰ্মাৰ
ৰোডশ্ব’ত ব্যৱসায়িক সুযোগৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনাসমূহ দাঙি ধৰিলে মুখ্যমন্ত্রীয়ে
বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে আইন সংশোধন কৰিবলৈ ৰাজ্য চৰকাৰ ইচ্ছুক : মুখ্যমন্ত্রী
অসমত পি এল আইৰ বাবে ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ এক পুঁজি গঠন কৰিছে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলন- ২০২৫ উপলক্ষে আজি মুম্বাইৰ তাজমহল পেলেচত অনুষ্ঠিত এক বর্ণাঢ্য ৰোডশ্ব’ত অংশগ্ৰহণ কৰি অসমৰ প্ৰচুৰ সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ- সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে।

ৰোডশ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই উদ্যোগপতি সকলক অসমলৈ আহি বিনিয়োগ কৰাৰ লগতে ৰাজ্যখনত উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনত বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণৰ বাবে অসম চৰকাৰে আইন সংশোধন কৰাৰ লগতে নীতিসমূহ পুনৰ গঠনৰ ক্ষেত্ৰত ইচ্ছুক বুলিও তেওঁ কয়। অসমৰ সম্ভাৱনীয়তা আৰু বিনিয়োগ বাতাৱাৰণৰ সুযোগ-সুবিধাসমূহৰ বিষয়ে উদ্যোগপতিসকলৰ আগত দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমে হাইড্র’কার্বন খণ্ডত অগ্রণী ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাজ্যখনত পর্যটন উদ্যোগো শক্তিশালী হৈ উঠিছে। সেইবাবে ৰাজ্য চৰকাৰে ছেমিকণ্ডাক্টৰ, প্ৰতিৰক্ষা সামগ্রী উৎপাদন ইত্যাদিৰ লেখীয়া বিভিন্ন খণ্ডৰ বিকাশ সাধনৰ বাবে উদ্যোগ লৈছে।

আন্তঃগাঁথনি শক্তিশালীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ৰাজ্যখনত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে আন্তঃগাঁথনি উন্নয়নৰ কাম ৰূপায়ণ কৰি আছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে কয় যে দ্রুত অর্থনৈতিক বিকাশৰ উদ্দেশ্যে বিশ্ব বেংকৰ লেখীয়া বিভিন্ন সংস্থাসমূহৰ সহায়ত ৬৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনত আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। তেওঁ কয় যে আন্তঃগাঁথনি প্রকল্পৰ বাবে কেন্দ্ৰই ৰাজ্যখনত আন ১ লাখ কোটি টকা বিনিয়োগ কৰিব।

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে উদ্যোগী তথা আন অংশীদাৰসকলক অতি আন্তৰিকতাৰে আমন্ত্রণ জনাই মুখ্যমন্ত্রীয়ে কয় যে কোম্পানীসমূহক অসমত তেওঁলোকৰ আধাৰ স্থাপন কৰাত অধিক উৎসাহিত কৰিবলৈ পি এল আইৰ বাবে ২৫ হাজাৰ কোটি টকাৰ এক পুঁজি গঠন কৰা হৈছে। এই ব্যৱস্থাই অধিক কোম্পানীক অসমত বিনিয়োগৰ বাবে উদগণি যোগাব। অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমৰ ভৌগোলিক স্থিতিৰ কথা আঙুলিয়াই দি কয় যে উদ্যোগসমূহে গুৱাহাটীৰ পৰা তিনি ঘণ্টাৰ উৰণ সময়ৰ ভিতৰত প্রায় ১৪ খন দেশৰ বিশ্বৰ জনসংখ্যাৰ ৩০ শতাংশ লোকক সামৰি ল’ব পাৰিব। তেওঁ কয় যে অসম বাণিজ্যিক আৰু সাংস্কৃতিক আদান প্রদানৰ বাবে এক গুৰুত্বপূর্ণ স্থান। মুখ্যমন্ত্রীয়ে লগতে কয় যে ভাৰতৰ ভিতৰত অসম অন্যতম এক শান্তিপূর্ণ স্থান আৰু সেইবাবে ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন উল্লেখনীয়ভাবে বৃদ্ধি পাইছে।

দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে কেইবাখনো বাণিজ্যিক বৈঠকতো অংশগ্রহণ কৰে। ৰাজ্যৰ অর্থনৈতিক ভৱিষ্যদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত দেশৰ অগ্রণী বাণিজ্যিক সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে ৰাজ্যখনত বিনিয়োগৰ পৰিৱেশ সম্পর্কে আলোচনা কৰে। আলোচনাকালত মুখ্যমন্ত্রীয়ে আন্তঃগাঁথনিৰ উন্নয়ন, নবীকৰণ যোগ্য শক্তি, সেউজ উদ্যোগ, কৃষি সংসাধন আৰু পৰ্যটন ক্ষেত্ৰত থকা সম্ভাৱনীয়তাসমূহৰ বিষয়ে ব্যক্ত কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই পিৰামল গ্ৰুপৰ অধ্যক্ষ অজয় পিৰামল আৰু ডি এম আৰ টিৰ প্ৰতিষ্ঠাপক ৰাধাকৃষ্ণণ দমণিকো সাক্ষাৎ কৰি স্বাস্থ্য সেৱা, খুচুৰা আৰু সামাজিক খণ্ডৰ পৰিৱৰ্তনশীল প্রকল্পসমূহৰ সম্পর্কে আলোচনা কৰে। উল্লেখ্য যে আগন্তুক ‘এডভান্টেজ আছাম ২.০’ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলন উপলক্ষে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আন এক কার্যসূচীতো মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিব।

Popular

More like this
Related

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে...

উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।...

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক। ৰাজ্যৰ বজাৰ আৰু...

শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি!

নিবনুৱাৰ বাবে সুখবৰ। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি।...