বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মু, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ভাৰতৰ মুখ্য ন্যায়াধীশ ড০ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালৰ মহাৰজত জয়ন্তী উদ্‌যাপন অনুষ্ঠানত অংশগ্রহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ে মানৱ অধিকাৰৰ প্ৰকৃত ৰক্ষক, সংবিধানৰ সুৰক্ষা আৰু আমাৰ যুগ যুগ ধৰি চলি অহা গণতান্ত্রিক নীতি- নিয়মক আগুৱাই নিয়াৰ দিশত গ্ৰহণ কৰা ভূমিকাৰ বাবে শলাগ লয়। তেওঁ কয় যে এই উচ্চ ন্যায়ালয়ে অঞ্চলটোৰ নাগৰিকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন কৰাৰ দিশতো অনুঘটক হিচাপে শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে। আইনী ব্যৱস্থাক অধিক গতিশীল কৰা আৰু উচ্চ আদৰ্শৰ প্ৰতিষ্ঠান হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱদানকো তেওঁ প্ৰশংসা কৰে। ভাৰতবৰ্ষৰ এক গৌৰৱময় আইনী পৰম্পৰা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে সাধাৰণ জনতাৰ কাষত থিয় হৈ ত্ৰাণকর্তা হিচাপে নিজৰ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠাৰ সময়ৰে পৰা এক দীঘলীয়া সময়ৰ বাবে উত্তৰ পূবৰ সাতখন ৰাজ্যৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয় হিচাপে অনন্য দায়িত্ব পালন কৰিছিল। তেওঁ কয় যে এই ন্যায়ালয়ত প্ৰচলিত আইনসমূহৰ উপৰি জনজাতীয় আইন আৰু ৰীতি-নীতিৰ পালন কৰি অহাৰ লগতে ভাৰতীয় সংবিধানৰ ৬নং অনুসূচীৰ অন্তৰ্গত বিষয়সমূহৰ ওপৰত ন্যায়িক কৰ্তৃত্ব লাভ কৰি আহিছে।

তেওঁ কয় যে এই গুৱাহাটী উচ্চ ন্যায়ালয়ে জনসাধাৰণৰ পৰা বিপুল আস্থা লাভ কৰাৰ লগতে নাগৰিকসকলৰো মনত আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইজ অৱ জাষ্টিচ্ৰ সুবিধা প্ৰদানৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰিবলৈ লঘু অপৰাধৰ গোচৰ প্ৰত্যাহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তিনি বছৰ পৰ্যন্ত শাস্তিযোগ্য জৰিমনা আৰু পঞ্জীয়নভুক্ত গোচৰসমূহ প্ৰত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বছৰ ফেব্ৰুৱাৰীলৈ প্ৰায় ২৭ হাজাৰ এনে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্রায় ১ লাখ অপৰাধমূলক গোচৰ নিষ্পত্তি কৰা হ’ব যিয়ে নিম্ন আদালতৰ বোজা হ্ৰাস কৰিব।

ক’ভিড অতিমাৰীৰ সময়ত দেশত ন্যায়পালিকা ব্যৱস্থাটোত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বর্তমান তাক নিয়মিতভাৱে অব্যাহত ৰখাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ ন্যায়পালিকাত ডিজিটেলাইজেশ্যনৰ পদক্ষেপসমূহ সূচাৰুৰূপে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব।

পর্যাপ্ত আন্তঃগাঁথনিৰ সৈতে নিম্ন আদালতৰ বাবে প্ৰয়োজনীয় পদ সৃষ্টি কৰাৰ দিশত থকা চৰকাৰৰ দায়বদ্ধতাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ লগতে অৱগত কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাবে নতুন চৌহদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আৰু এই বছৰৰ ভিতৰতে কাম আৰম্ভ হ’ব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় আইন দপ্তৰৰ মন্ত্ৰীৰ পৰা প্রয়োজনীয় সহযোগিতা বিচাৰে । আজিৰ এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, জন্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিং, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ লেনচুংকুম জমিৰ, অসম চৰকাৰৰ আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ তথা প্ৰাক্তন ন্যায়াধীশসকল, অধিবক্তা আৰু কৰ্মচাৰীবৃন্দ, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...