ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱ

ঢেকিয়াজুলিৰ শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয় চৌহদত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, ঢেকীয়াজুলিত ৭৭ গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলে আজি সমষ্টিটোৰ তিনিখৰীয়া চাহ বাগিচাত নৱনিৰ্মিত মহাপ্ৰভু শ্রীশ্রী জগন্নাথ মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্ৰী সিংহলৰ বিশেষ প্ৰচেষ্টাত তথা ৰাইজৰ সহযোগত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত তিনিখৰীয়া চাহ বাগিচাৰ এক বিশাল এলেকাত এই মন্দিৰ নিৰ্মাণ কৰি উলিওৱা হৈছে। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত এই মন্দিৰৰ বিগ্রহ প্ৰাণ প্রতিষ্ঠা মহোৎসৱত বাগিচাখন আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগতে ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। বিগত দুদিনত ধান দিৱস, কলহ যাত্রা, বন্তি প্রজ্বলন, হৰিনাম কীৰ্ত্তন, মহা স্নান, জলধিবাস আদি কাৰ্যসূচীৰ পিছত আজি বিগ্রহৰ প্ৰাণ প্রতিষ্ঠা আৰু মহা যজ্ঞৰ আয়োজন কৰা হয়। প্ৰায় একক প্ৰচেষ্টাৰে ঢেকীয়াজুলিত পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত মহাপ্রভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণত লোৱা বিশেষ ভূমিকাৰ বাবে স্থানীয় ৰাইজে মন্ত্ৰী সিংহলৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আনহাতে মন্ত্ৰী সিংহলে আজি পুৱাৰ ভাগত ঢেকিয়াজুলিৰ শিঙৰি পাহাৰৰ নামনিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰাৰ লগতে দেৱালয়ভাগিৰ ঐতিহাসিক সমলৰ সন্ধানত পুৰাতত্ত্ব বিভাগে চলাই থকা অভিযানৰ অগ্ৰগতিৰ বুজ লয়।

ইয়াৰ পিছতে তেওঁ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ ৭৭ গৰাকী আৰ্থিকভাৱে দুৰ্বল ৰোগীক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত আৰ্থিক সাহায্যৰ চেক্‌ বিতৰণ কৰে৷

আজি পুৱা নৱনিৰ্মিত মন্দিৰটিৰ দুৱাৰ মুকলি কৰে অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ভীমানন্দ তাঁতীয়ে। তাৰ পাছতেই বিগ্ৰহ লৈ মন্দিৰ প্ৰদক্ষিণ কৰে মন্ত্ৰী অশোক সিংহলে। বৈদিক মন্ত্ৰোচ্চাৰণ আৰু মংগলধ্বনিৰে উড়িশাৰ জগন্নাথৰ পৰা অনা বিগ্ৰহ নৱনিৰ্মিত মন্দিৰগৃহত প্ৰতিষ্ঠা কৰি প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন কৰা হয়। উড়িশাৰ পৰা অহা পুৰোহিতৰ দ্বাৰা মন্দিৰ চৌহদত অনুষ্ঠিত যজ্ঞকুণ্ডত পূৰ্ণাহূতিৰে ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰী সিংহলে। উল্লেখযোগ্য যে স্থানীয় ৰাইজৰ আহ্বান অনুসৰি ব্যক্তিগত উদ্যোগত ৫০ লাখৰো অধিক টকা ব্যয়েৰে তিনিখৰীয়া বাগিচাৰ প্ৰায় ২৫ বিঘা ভূমিত এই মন্দিৰনিৰ্মাণ কৰি উলিওৱা হৈছে। অনুষ্ঠানত উপস্থিত থকা সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় যে এই মন্দিৰ নিৰ্মাণে স্থানীয় ৰাইজৰ লগতে তেওঁৰো এক দীৰ্ঘদিনীয়া সপোনে সাকাৰ ৰূপ লাভ কৰিলে। ভাৰতীয় বৈদিক সভ্যতাৰ ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে নৱ নিৰ্মিত এই মন্দিৰে অঞ্চলটোত এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰে। পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন প্ৰতিগৰাকী সনাতনী ব্যক্তিৰ জীৱনৰ অন্যতম ইচ্ছা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আৰ্থিক অসুবিধাকে ধৰি বিভিন্ন কাৰণত পুৰী ভ্ৰমণ কৰি সেই ইচ্ছা পূৰণ কৰিবলৈ সমৰ্থ নোহোৱা ৰাইজক এই মন্দিৰতে মহাপ্ৰভূ জগন্নাথৰ আশিস ল’ব পাৰিব। তিনিখৰীয়া বাগিচাত নৱনিৰ্মিত এই জগন্নাথ মন্দিৰ দৰ্শনৰ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...