৩৬ ঘণ্টাৰ কাৰ্ফিউৰ মাজতে ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি, ক’ত জানেনে?

শুকুৰবাৰে, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা শ্ৰীলংকাত তাৎক্ষণিকভাৱে ঘোষণা কৰে জৰুৰীকালীন অৱস্থা আৰু আজিৰে পৰা জাৰি কৰিছে ছ’চিয়েল মেডিয়া ব্লেকআউট।

সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, বৰ্ধিত অৰ্থনৈতিক সংকট আৰু মানুহৰ মাজত অস্থিৰতাৰ বাবে শ্ৰীলংকা চৰকাৰে ৩ এপ্ৰিল, দেওবাৰৰ মাজনিশাৰ পৰা দেশজুৰি ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি কৰিছে। দেশখনত চলি থকা ৩৬ ঘণ্টাৰ কাৰ্ফিউৰ মাজতে এই পদক্ষেপ লৈছে শ্ৰীলংকা চৰকাৰে। ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, স্নেপচ্যাট, টিকটক আৰু ইনষ্টাগ্ৰামকে ধৰি প্ৰায় দুই ডজন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লেকআউট কৰা হৈছে।

নেটব্লকৰ টুইটৰ মতে ৰিয়েল-টাইম নেটৱৰ্কৰ তথ্য আনুসৰি শ্ৰীলংকাৰ দেশজুৰি ছ’চিয়েল মিডিয়া ব্লেকআউট জাৰি কৰিছে, যাৰ ফলত টুইটাৰ, ফেচবুক, হোৱাটছএপ, ইউটিউব আৰু ইনষ্টাগ্ৰামকে ধৰি সকলো ছ’চিয়েল মেডিয়া প্লেটফৰ্মসমূহৰ প্ৰৱেশাধিকাৰ সীমিত হৈ আছে। কিয়নো ব্যাপক প্ৰতিবাদৰ মাজত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

দেওবাৰৰ পৰিকল্পিত প্ৰতিবাদৰ আগতে দ্বীপৰাষ্ট্ৰখনে শনিবাৰৰ পৰা সোমবাৰৰ ভিতৰত ৩৬ ঘণ্টাৰ কাৰ্ফিউ ঘোষণা কৰিছিল কাৰণ দেশখনত তীব্ৰ বিদ্যুৎ সংকট আৰু বৰ্ধিত মুদ্ৰাস্ফীতিয়ে দেখা দিছিল। লণ্ডনস্থিত অধিকাৰ নিৰীক্ষকে শনিবাৰে শ্ৰীলংকা চৰকাৰক সতৰ্ক কৰি দিছিল আৰু ৰাজহুৱা নিৰাপত্তাৰ নামত দ্বীপৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো যাতে মানৱ অধিকাৰ উলংঘনৰ অজুহাত হ’ব নালাগে।

শুকুৰবাৰে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা শ্ৰীলংকাত তাৎক্ষণিক ভাৱে ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰে আৰু ৩ এপ্ৰিলৰ মাজনিশাৰ পৰা ছ’চিয়েল মেডিয়া ব্লেক আউট ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...