চেন্নাইত ছানৰাইজাৰ্ছৰ সূৰ্যোদয়

চেন্নাইত ছানৰাইজাৰ্ছৰ সূৰ্যোদয়
IPL ২০২৪ৰ পৰা বাহিৰ হ’ল ৰিয়ানৰ ৰাজস্থান
চেপক ষ্টেডিয়ামত চলিল হায়দাৰাবাদৰ স্পিনৰ যাদু

লক্ষ্য আছিল ১৭৬ ৰানৰ। টছত জয়লাভ কৰি ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক বেটিঙৰ আমন্ত্ৰণ জনাইছিল, প্ৰথম ইনিংছ শেষ হোৱালৈ সকলোৱে ভাবিছিল ফাইনেলত আৰ আৰ দলেই স্থান লাভ কৰিব। কিন্তু বিপক্ষত আছিল এজন বিশ্বকাপ জয়ী অধিনায়ক। তাকো অষ্ট্ৰেলিয়ান তেজ থকা এজন অধিনায়ক। মেচ শেষ নোহোৱাপৰ্যন্ত পৰাজয়ৰ কথা নভবা পেট কামিন্সৰ সংকল্পই ছানৰাইজাৰ্ছক দিলে ফাইনেলৰ টিকট। ৩৬ ৰানত RRক পৰাস্ত কৰি IPL ২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিলে SRH দলে। সঞ্জু চেমচন আৰু ৰাজস্থানৰ মেনেজমেণ্টে দ্বিতীয় ইনিংছত চেপক ষ্টেডিয়ামত নিয়ৰ আহিলে বেটিঙৰ বাবে সুবিধা হ’ব বুলি ভাবিছিল যদিও চেন্নাইৰ পিটছত ধৰা নিদিলে নিয়ৰে। যাৰ ফলত ছানৰাইজাৰ্ছৰ সমুখত তাছ পাতৰ দৰে খহি পৰিল ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ বেটাৰ। লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে ৬৫ ৰানত ১ উইকেট হেৰুৱাইছিল যদিও শ্বাহবাজ আহমেদ আৰু যুৱ ক্ৰিকেটাৰ অভিষেক শৰ্মাৰ স্পিনৰ যাদুত ৭৯ ৰানত ৫টাকৈ উইকেট হেৰুৱায় বেকফুটলৈ যায় ৰাজস্থান।

SRHৰ শ্বাহবাজ আহমেদে ৪ অভাৰত ২৩ ৰান খৰচ কৰি দখল কৰিলে ৩টা গুৰুত্বপূৰ্ণ উইকেট
৪ অভাৰত ২৪ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰিলে অভিষেক শৰ্মাই

দুয়োজন স্পিনাৰৰ যাদুকৰী বলিঙৰ সহায়ত মেচখনত জয়লাভ কৰিলে হায়দাৰাবাদে। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে ৩৬টা বলত ৫৬ ৰানৰ অপৰাজিত ইনিংছ খেলে যদিও অন্য বেটাৰসকলে বিশেষ বৰঙণি আগবঢ়াব নোৱাৰিলে। অসম সন্তান ৰিয়ান পৰাগে কঠিন সময়ত মিড উইকেটৰ ফালে বেয়া শ্বট খেলি উইকেট হেৰুৱায়। অধিনায়ক সঞ্জু চেমচনে আগবঢ়ায় কেৱল ১০ ৰানৰ বৰঙণি। ইপিনে, ছানৰাইজাৰ্ছ হায়দাৰাবাদে হেনৰিক ক্লাছেনৰ অৰ্ধ-শতৰান, ট্ৰেভিছ হেডৰ ৩৪ আৰু ৰাহুল ত্ৰিপাঠীৰ ৩৭ ৰানৰ সহায়ত প্ৰথম ইনিংছত মুঠ ১৭৫ ৰান অৰ্জন কৰিছিল SRH-এ। এতিয়া দেওবাৰে IPLৰ ট্ৰফীৰ মহাৰণৰ বাবে চেন্নাইত সমুখ সমৰত নামিব কলকাতা বনাম হায়দাৰাবাদ। ২০২৪ৰ আইপিএলৰ ট্ৰফী কাৰ হাতলৈ যাব জানিবলৈ আমি অপেক্ষা কৰিব লাগিব দেওবাৰৰ নিশালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...