নগাঁৱত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা!

নগাঁৱত তিনিটিকৈ শিশু আক্ৰান্ত HIVত। জিলাখনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা৷ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগটো। ৰাইজক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে। বিশ্ব AIDS দিৱসৰ দিনা নগাঁৱত পোহৰলৈ আহিছে HIVৰ এই ভয়ংকৰ তথ্য।

পুৰুষ মহিলাৰ সমান্তৰালকৈ নগাঁৱৰ জখলাবন্ধাত HIVত আক্ৰান্ত হৈছে তিনিটাকৈ শিশু। উলেখ্য যে নগাওঁ জিলাৰ জখলাবন্ধা, ম’হখুলি, ধিং আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে HIVত। ইয়াৰে ভিতৰত নগাঁও অসামৰিক চিকিৎসালয়ত সৰ্বাধিক ২০৯ জন পুৰুষ মহিলা HIVত আক্রান্ত হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ অধীক্ষক ললিত চন্দ্ৰ নাথে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...