SC, ST আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই আজমল চুপাৰ ৪০ৰ

গুৱাহাটী, ২১ জুন, NKTV: আজমল চুপাৰ-৪০ সন্দৰ্ভত এক সংবাদমেল। হোজাইস্থিত বদৰ‌উদ্দিন আজমলৰ বাসগৃহত ছিৰাজ উদ্দিন আজমলৰ সংবাদমেল। উক্ত সংবাদ মেলত আজমল চুপাৰ -৪০ ৰ কেতবোৰ নতুন পদক্ষেপ সন্দৰ্ভত মত ব্যক্ত কৰে ছিৰাজ উদ্দিন আজমলে। আজমল ফাউণ্ডেশ্যনে প্ৰতি বছৰে মেধাৱী অথচ আৰ্থিকভাৱে অক্ষম ৪০ জন ল’ৰা আৰু ৪০ জন ছোৱালীক সম্পূৰ্ণ বিনামূলীয়াকৈ আজমল চুপাৰ-৪০ ৰ জৰিয়তে দুবছৰীয়া শিক্ষা প্ৰদান কৰি আহিছে। ইয়াৰ জৰিয়তে মেডিকেল, ইঞ্জিনিয়াৰিং আদি প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে মেধাৱী অথচ আৰ্থিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীসকলক। আজমল চুপাৰ-৪০ য়ে এইবাৰ SC,ST আৰু চাহ জনগোষ্ঠীয় বিদ্যাৰ্থী সকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা SC,ST আৰু চাহ জনগোষ্ঠীয় বিদ্যাৰ্থী সকলৰ বাবে আজমল চুপাৰ-৪০ কোৰ্চৰ বাবে ৫০% ৰেহাইৰ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ সমান্তৰালভাৱে ধুবুৰীৰ আজমল কলেজ অৱ আৰ্টছ এণ্ড চায়েন্সত আজমল চুপাৰ-৪০ৰ এটি নতুন শাখা মুকলি কৰা হৈছে। চুপাৰ-৪০ ত অধ্যায়নৰ বাবে অহা ছাত্ৰ-ছাত্ৰীক আসন সীমাবদ্ধতাৰ বাবে ঘুৰাই পঠাব লগীয়া হয় সেইহে এতিয়াৰ পৰা আজমল চুপাৰ ৪০য়ে অনলাইন ডিজিটেল প্ৰ’গ্ৰাম নামৰ এটি বিকল্প পাঠদান পদ্ধতিও মুকলি কৰিছে। ইয়াৰ অধীনত নৱম,দশম,একাদশ,দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে মেডিকেল আৰু ইঞ্জিনিয়াৰিংৰ বাবে এটা বিশেষ এপৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰিব। হোজাই আৰু ধুবুৰীৰ যিকোনো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যায়নগত তথা মেডিকেল আৰু ইঞ্জিনিয়াৰিংৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে আজমল চুপাৰ-৪০ ৰ ব্যৱস্থাপনাত এতিয়াৰ পৰা হোজাইৰ মৰিয়ম আজমল ৱমেন্স কলেজ,আজমল কলেজ অৱ আৰ্টছ, কমাৰ্চ এণ্ড চায়েন্স আৰু ধুবুৰীৰ আজমল কলেজত দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অতিৰিক্ত পাঠদানৰ সুযোগ লাভ কৰিব। আজমল চুপাৰ-৪০ য়ে ২০২৩ চনত বৰপেটাত আজমল চুপাৰ-৪০ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...