মঙলবাৰে অমিত শ্বাহৰ ৰোড শ্ব’ত সংগ দিব নোৱাৰিলে সোণোৱালে

মঙলবাৰে তিনিচুকীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ নল’লে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে পুৱাই ডিব্ৰুগড়ত অমিত শ্বাহক সাক্ষাৎ কৰি সোণোৱালে ল’লে আশীৰ্বাদ। আনহাতে বুধবাৰে পুৱা ডিব্ৰুগড়ৰ পৰাই নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ উৰা মাৰে অমিত শ্বাহ।

পুৱাই ডিব্ৰুগড় এৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে
মঙলবাৰে শ্বাহৰ ৰোড শ্ব’ত সংগ দিব নোৱাৰিলে সোণোৱালে
বুধবাৰে শ্বাহক সাক্ষাৎ কৰি সৰ্বানন্দ সোণোৱালে ল’লে আশীৰ্বাদ

মঙলবাৰে তিনিচুকীয়াত ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

শ্বাহৰ ৰোড শ্ব’ত সংগ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিন্তু অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ লোৱা নাছিল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে। গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ত অংশ লোৱাৰ পৰিৱৰ্তে নিজাববীয়াকৈ ডিব্ৰুগড়ৰ বিভিন্ন এলেকাত প্ৰচাৰত ব্যস্ত আছিল প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। ইয়াৰ বিপৰীতে তিনিচুকীয়াত অমিত শ্বাহৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল বিজেপিৰ কেইবা সহস্ৰাধিক নেতা–কৰ্মী, সমৰ্থক তথা শুভাকাংক্ষীয়ে। তিনিচুকীয়াৰ চলিহানগৰৰ পৰা থানা চাৰিআলিলৈ প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত ৰোড শ্ব’ত অংশ লৈ নিশাই ডিব্ৰুগড়লৈ আহিছিল গৃহমন্ত্ৰী অমিত শ্বাহ।

ডিব্ৰুগড়ত মনোহাৰী ৰিজ’ৰ্টত নিশাটো কটায় গৃহমন্ত্ৰী অমিত শ্বাহে

নিশাই উজনিৰ কেইবাখনো জিলাৰ বিজেপিৰ সভাপতি, জিলা প্ৰভাৰী তথা অন্যান্য বহু দলীয় নেতাই ৰিজ’ৰ্টত সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহক। কিন্তু নিশাৰ ভাগতো অমিত শ্বাহক ৰিজ’ৰ্টত সাক্ষাত কৰিবলৈ নগ’ল ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰ বিপৰীতে বুধবাৰে পুৱাই মনোহৰী ৰিজ’ৰ্টত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। সোণোৱালে অমিত শ্বাহক সাক্ষাতৰ সময়ত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। ইয়াৰ পিছতেই ডিব্ৰুগড়ৰ পৰা পোনেপোনে নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ ৰাওনা হয় গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে, মঙলবাৰে অসমত ৰোড শ্ব’ৰ উপৰিও এখন নিৰ্বাচনী সভাত অংশ লৈছিল অমিত শ্বাহে। তিনিচুকীয়াত ৰোড শ্ব’ৰ পূৰ্বে দিনৰ ভাগত লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিছিল অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেঞ্চাৰৰ ঔষধৰ দাম ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস, ৰোগীলৈ বৃহৎ সকাহ

কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত কেইবাবিধো...

ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সৈতে মোকাবিলাৰ প্ৰস্তুতি, ওড়িশা-অন্ধ্ৰ প্ৰদেশত প্ৰায় ৪,০০০ আশ্ৰয় শিবিৰ সাজু

বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সম্ভাৱ্য প্ৰভাৱৰ সৈতে...

ইজৰাইলৰ নিৰ্বাচনত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন বেঞ্জামিন নেতানিয়াহু, দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব ভোটাৰে

ইজৰাইলৰ ৰাজনীতিত পুনৰ অনিশ্চয়তা। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ৰাজনৈতিক ভৱিষ্যৎ...

উৰন্ত বিমানত সহ-পাইলটৰ আক্ৰমণ প্ৰতিহত কৰি যাত্ৰীক ৰক্ষা কৰা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মান UAEৰ

উৰন্ত বিমানৰ ককপিটত সহ-পাইলটৰ আক্ৰমণৰ সন্মুখীন হৈও সাহসিকতা আৰু...