হৃষিকেশত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত ৰাজনৈতিক দলৰ প্ৰচাৰ
প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও
যোৱা এসপ্তাহ ধৰি দক্ষিণৰ ৰাজ্যসমূহত প্ৰচাৰ মোদীৰ
‘আকৌ এবাৰ মোদী চৰকাৰ’ শ্লোগানেৰে মুখৰিত নিৰ্বাচনী সভা
হৃষিকেশত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
বিজেপিৰ আমোলত শত্ৰু পক্ষৰ লগতে সন্ত্ৰাসবাদ নিৰ্মূল হোৱা বুলি দাবী
বিৰোধী দলসমূহকো তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰীৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ আন শীৰ্ষ নেতাসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। প্ৰতিদিনে পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ বিভিন্ন ৰাজ্যত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি বিজেপি তথা এনডিএৰ প্ৰাৰ্থীসকলৰ বাবে ভোট ভিক্ষা কৰি ফুৰা দেখিবলৈ পোৱা গৈছে। যোৱা প্ৰায় এসপ্তাহ ধৰি দক্ষিণৰ ৰাজ্যসমূহত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰী মোদীয়ে। দক্ষিণৰ কেবাখনো ৰাজ্যত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণৰ পিছত বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ হৃষিকেশত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰে নিৰ্বাচনী ৰেলীত। মোদীৰ প্ৰতিখন নিৰ্বাচনী সভাত দলীয় নেতা–কৰ্মী তথা সমৰ্থকৰ মুখত শুনিবলৈ পোৱা গ’ল মোদী মোদী ধ্বনি। ‘আকৌ এবাৰ মোদী চৰকাৰ’ শ্লোগানেৰে মুখৰিত হৈ পৰিল বিজেপিৰ প্ৰতিখন নিৰ্বাচনী সভা। হৃষিকেশত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত তুলনামূলকভাৱে অস্থিৰ চৰকাৰৰ দুৰ্বল নীতিৰ বাবে সন্ত্ৰাসবাদ আৰু শত্ৰুৱে সুবিধা গ্ৰহণ কৰি আহিছে। কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ আমোলত শত্ৰু পক্ষৰ লগতে সন্ত্ৰাসবাদকো বহুলাংশে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰোপৰি বিগত সময়ছোৱাত দেশ লুন্ঠনৰ বাবে সক্ৰিয় হৈ উঠা একাংশ দুৰ্নীতিগ্ৰস্ত লোককো সমুলঞ্চে নাশ কৰিবলৈ বিজেপি চৰকাৰ সক্ষম হোৱা বুলি দাবী কৰে মোদীয়ে। কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছৰ দুৰ্বলস্থিতিৰ বাবে বিগত সময়চোৱাত দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰাতো সম্ভৱ হোৱা নাছিল। বিজেপি চৰকাৰৰ আমোলত সীমান্ত অঞ্চল সুৰক্ষিত কৰাৰ লগতে সীমান্তৰ আন্তঃগাঁথনিও যথেষ্ট শক্তিশালী কৰি তোলা বুলি দাবী কৰি মোদীয়ে। বুধবাৰে দক্ষিণৰ তামিলনাডু আৰু মহাৰাষ্ট্ৰকে ধৰি কেবাখনো ৰাজ্যৰ নিৰ্বাচনী সভাত ভাষণ দি মোদীয়ে বিৰোধী ৰাজনৈতিক দলসমূহক তুলাধূনা দিয়ে। তামিলনাডুৰ ভেলোৰত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি মোদীয়ে কয় DMK চৰকাৰৰ দুৰ্বল নীতিৰ বাবে ৰাজ্যখনৰ যুৱ প্ৰজন্ম এতিয়াও বহু পিছ পৰি আছে। DMK চৰকাৰে এতিয়াও তামিলনাডুৰ পুৰণি দিনতে আবদ্ধ কৰি ৰখাৰ ফলত অৰ্থনৈতিক দিশৰ লগতে অন্যান্য দিশতো ৰাজ্যখন এতিয়াও বহু পিছ পৰি আছে। তামিলনাডুৰ উপৰি কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, ওড়িশা আৰু পশ্চিমবংগতো কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...