ৰাজ্যত নিৰ্বাচনী ৰণত ধনবল-বাহুবলৰ ৰাজনীতি

0 289

ফ্লায়িং স্কোৱাডৰ অভিযানত য’তে-ত’তে ওলাইছে টকা
টকা আৰু সুৰাসহ আটক APCCৰ সভাপতি ভূপেন বৰাৰ ব্যক্তিগত সহায়ক
ফ্লায়িং স্কোৱাডৰ জালত ভূপেন বৰাৰ PA জিন্টু হাজৰিকা
কৰিমগঞ্জৰ নিলাম বজাৰতো জব্দ লাখে-লাখে টকা
ধনসহ ভূপেন বৰাৰ PA জালত পৰাক লৈ সৰৱ বিজেপি
নিৰ্বাচনত ধনবল প্ৰয়োগ কংগ্ৰেছৰ পুৰণি পৰম্পৰা আখ্যা

নিৰ্বাচনী আচৰণ বিধি বলৱতৰ পিছতো বিভিন্ন কৌশলেৰে ৰাজ্যৰ একাংশ ৰাজনীতিকে ধনৰ বলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে অহৰহ চলাইছে চেষ্টা। ধন বিলাই ভোটাৰক প্ৰলোভিত কৰাৰ চেষ্টা। গণতন্ত্ৰৰ উছৱৰূপে আখ্যা দিয়া এই নিৰ্বাচনৰ পৰিৱেশ কলুষিত কৰিছে একাংশ স্বাৰ্থান্বেষীয়ে।

উদ্বেগজনকভাৱে নিৰ্বাচনী আচৰণ বিধি বলৱতৰ পিছত এই পৰ্যন্ত ৰাজ্যত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ১১কোটিৰো অধিক টকা। ইয়াৰ মাজতে লখিমপুৰত নগদ ধন আৰু বিলাতী সুৰাসহ আটক ভূপেন বৰাৰ ব্যক্তিগত সহায়ক এইজন জিন্টু হাজৰিকা। জিণ্টু হাজৰিকাৰ পৰা জব্দ ৫ লাখ ৩০ হাজাৰতকৈ অধিক ধন। লখিমপুৰৰ বান্টৌত ফ্লায়িং স্কোৱাডৰ তালাচীৰ সময়ত নগদ ধনসহ আটক জিণ্টু। ধৃত ভূপেন বৰাৰ PA জিন্টু হাজৰিকা APCCৰ সম্পাদক। জিন্টুৰ বাহনৰ পৰা বিলাতী সুৰাও জব্দ কৰিছে ফ্লায়িং স্কোৱাডে। ইফালে জিণ্টুৰ স্বীকাৰোক্তিৰ ভিত্তিত আন ৪ কংগ্ৰেছ কৰ্মীকো আটক আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰে লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনক। আটক কংগ্ৰেছ কৰ্মী সুৰেশ চেতিয়া, লক্ষনাথ নাটে, মেহদী হাছানক। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনী আচৰণ বিধি বলৱত থাকোতে কোনেও লগত নিব নোৱাৰে ৫০ হাজাৰতকৈ অধিক নগদ ধন। কিন্তু ভূপেন বৰাৰ PAৰ গাড়ীত লাখ লাখ টকা ক’ৰ পৰা আনিছিল? কি কামত ব্যৱহাৰ কৰিবলৈ আনিছিল বৃহৎ‍ পৰিমানৰ ধন? সকলো তথ্য বিচাৰি ধৃত ৫জনকে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে ভূপেন বৰাৰ পি এৰ পৰা নগদ ধন উদ্ধাৰক লৈ সৰৱ হৈ পৰিছে বিজেপি মিত্ৰজোঁট। অগপৰ জ্যেষ্ঠ নেতা তথা বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীৰ প্ৰতিক্ৰিয়া। নিৰ্বাচনত ধনবল প্ৰয়োগ কংগ্ৰেছৰ পুৰণি পৰম্পৰা। এই ঘটনাই উদঙাই দিছে কংগ্ৰেছৰ প্ৰকৃত চৰিত্ৰ।

নিৰ্বাচনৰ ভৰপক সময়ত এই ঘটনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰকৃত ছবিখন উদঙাই দিছে বুলি কটাক্ষ বিধায়ক দিগন্ত কলিতাৰ। সেই সুৰা আৰু টকাৰ অংশীদাৰ ভূপেন বৰা বুলি দাবী কৰি এই সন্দৰ্ভত সিদ্ধান্ত ৰাইজেই ল’ব বুলি মন্তব্য কলিতাৰ। ইফালে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ খুলিছে ভূপেন বৰাইও। ফ্লায়িং স্কোৱাডৰ জালত পৰা জিন্টু হাজৰিকা তেওঁৰ ব্যক্তিগত সহায় নহয় বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ। তেওঁৰ ব্যক্তিগত সহায়ক জনৰ নাম দেৱজিৎ ডেকাহে আৰু তেওঁ গুৱাহাটীত আছে বুলি দাবী। তাৰ পৰিৱৰ্তে জিণ্টু হাজৰিকা কেবল এজন কংগ্ৰেছ কৰ্মী বুলিহে ক’লে বৰাই।

ইফালে ভূপেন বৰাক সমৰ্থন জনাই গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ অদ্ভুট যুক্তি প্ৰতিজন প্ৰাৰ্থীক ৯০ লাখ টকাকৈ খৰচ কৰিবলৈ দিছে নিৰ্বাচন আয়োগে। আচৰণ বিধি উলংঘা কৰি সেই ধনৰাশি জিণ্টু হাজৰিকাই হেনো কোনো কামতেই নিব পাৰে। ভূপেন বৰাৰ PAৰ গাড়ীত ৫লাখৰো অধিক টকা উদ্ধাৰকলৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা কৰিমগঞ্জৰ নিলামবজাৰত AS 08 A 0614 নম্বৰৰ বলেৰো গাড়ীৰ পৰা পৰা জব্দ হৈছে ২২, ৯৫, ৫০০ টকা । আৰক্ষীৰ তালাচী চকী দেখি প্ৰথমে গাড়ীলৈ পলায়নৰ চেষ্টা চলায় চালকে। কিন্তু আৰক্ষীয়ে পিছ লোৱাত পথতে গাড়ী এৰি পলায়ন চালকৰ। আৰক্ষীয়ে বলেৰ’গাড়ীখন জব্দ কৰি এটা বেগৰ ভিতৰত উদ্ধাৰ কৰে বুজন পৰিমানৰ ধনখিনি। পিছত নিলাম বজাৰ আৰক্ষীয়ে ৰূপাৰগুল এলেকাৰ আব্দুছ ছবুৰ নামৰ নামৰ চালক’ক আটক কৰে। ধৃত চালক জনক জেৰা অব্যাহত ৰাকিছে আৰক্ষীয়ে। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ মাজতে এনেদেৰই এতিয়া সৰ্বত্ৰ ধনৰ উজান উঠিছে।

Leave A Reply

Your email address will not be published.