মোদী চৰকাৰ অন্নদাতা কৃষক আৰু দৰিদ্ৰৰ প্ৰতি অসংবেদনশীল-ছোনিয়া গান্ধী

ছোনিয়া গান্ধীয়ে আজি কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠকত সভাপতিত্ব কৰে। কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুওৱা ৭০০ কৃষকক স্মৰণ কৰে ছোনিয়া গান্ধীয়ে। বৈঠকত ভাষণ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে কয়, মোদী চৰকাৰ কৃষক আৰু সাধাৰণ মানুহৰ প্ৰতি অসংবেদনশীল। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিটো পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা।

ৰাজ্যসভাৰ ১২ জন সাংসদৰ নিলম্বনক ভুল বুলি অভিহিত কৰে ছোনিয়া গান্ধীয়ে। সীমান্ত সমস্যা সন্দৰ্ভত সংসদত সম্পূৰ্ণ আলোচনাৰ দাবী জনোৱাৰ কথাও উনুকিয়াই অন্তৱৰ্তীকালীন কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে। আজিৰ সভাত উপস্থিত আছিল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীও।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...