অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk) সোমবাৰে (২০ জুলাই, ২০২৬) তেওঁৰ অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী অন্ত পেলাবলৈ সন্মতি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ বাবে তেওঁ চৰকাৰ আৰু ৰাজনৈতিক নেতৃবৰ্গৰ সন্মুখত তিনিটা চৰ্ত ৰাখিছে।

দিল্লী আৰক্ষীয়ে অলপতে তেওঁক যন্তৰ মন্তৰৰ প্ৰতিবাদ স্থলীৰ পৰা বলপূৰ্বকভাৱে উঠাই নি ছফদৰজং হাস্পতালত (Safdarjung Hospital) ভৰ্তি কৰাইছিল, যাক তেওঁ নিজৰ হস্তাক্ষৰযুক্ত পত্ৰত ‘অবৈধ আটক’ বুলি অভিহিত কৰিছে। অনশনৰ ২৩ দিনত ভৰি দিয়া ৱাংচুকে হাস্পতালৰ পৰাই জনোৱা তিনিটা চৰ্ত হ’ল:

১/ চৰকাৰী জবাবদিহিতা: দেশৰ শেহতীয়া শিক্ষা ব্যৱস্থাৰ বিফলতা আৰু পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (Paper leaks) হোৱা ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব তথা জবাবদিহিতা স্বীকাৰ কৰিব লাগিব।

২/ সংসদত আলোচনাৰ আশ্বাস: ‘ককৰোচ জনতা পাৰ্টী’ (CJP)-ৰ নেতৃবৰ্গ আৰু সাংসদসকলে সংসদত উপস্থিত হৈ দেশৰ শিক্ষা ব্যৱস্থাৰ জবাবদিহিতাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰিব বুলি ৰাজনৈতিক দলসমূহে আশ্বাস দিব লাগিব।

৩/ হাস্পতালত সাক্ষাৎ: বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ আৰু নেতৃবৰ্গই হাস্পতাললৈ আহি তেওঁক সাক্ষাৎ কৰিব লাগিব আৰু এই বিষয়টো সংসদৰ মজিয়াত সজোৰে উত্থাপন কৰাৰ একেই প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব।

উল্লেখ্য যে, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত যন্তৰ মন্তৰত চলি থকা ছাত্ৰ আন্দোলনৰ সমৰ্থনত ৱাংচুকে এই অনশন কৰিছিল। সোমবাৰে সংসদ ভৱন অভিমুখে উলিওৱা প্ৰতিবাদী সমদলৰ পূৰ্বে ৱাংচুকৰ পত্নী গীতালি আংম’ আৰু CJP-ৰ প্ৰতিষ্ঠাপক অভিজিত দিপকেই এই চৰ্তসমূহৰ কথা ৰাজহুৱা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...