শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

‘জনসেৱাই প্ৰভু সেৱা’—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ বানপানীৰ সময়ত পুনৰ এবাৰ আৰ্তজনৰ কাষত থিয় দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)। শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহত স্বয়ংসেৱকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জৰুৰীকালীন সাহায্য আৰু সেৱামূলক কাৰ্যসূচী নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিছে।

জিলাখনৰ বিশেষভাৱে প্ৰভাৱিত বেতবাৰী আৰু আমগুৰি অঞ্চলত স্বয়ংসেৱকসকলে উপস্থিত হৈ পোনপটীয়াভাৱে বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ সমান্তৰালভাৱে আশ্ৰয় শিবিৰ আৰু বানপীড়িত পৰিয়ালসমূহৰ মাজত বিশুদ্ধ খোৱা পানী, শুকান খাদ্য-সামগ্ৰী, শিশুৰ আহাৰ, জৰুৰী ঔষধ তথা বস্ত্ৰ বিতৰণ কৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সদায়েই স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি এনেধৰণৰ মানৱীয় সেৱাকাৰ্য চলাই আহিছে। পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো স্বয়ংসেৱকসকলৰ এনে তৎপৰতা আৰু আন্তৰিক প্ৰচেষ্টাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। দুৰ্যোগৰ এই কঠিন সময়ছোৱাত সংঘৰ এনে সাহায্যই বানপীড়িতসকলক যথেষ্ট সকাহ প্ৰদান কৰা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...