কিছুমান কাহিনী কাহিনী হৈয়ে থাকি যায়…

অসমত যেন এতিয়া নকল নোট নাইবা নকল সোণ উদ্ধাৰ হোৱা ঘটনা কোনো নতুন কথা নহয়। গুৱাহাটীৰ কটাহবাৰীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে নকল সোণৰ নাও আৰু নোট। আৰক্ষীৰ জালত পৰিল দুজন যুৱক। সেই যুৱকক লৈহে এতিয়া ঘটনাৰ লৈছে চাঞ্চল্যকৰ মোৰ। কাৰণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ ঘৰ নগাঁৱত। আন এজনৰ ঘৰ লখিমপুৰত।

কিছুমান কাহিনী কাহিনী হৈয়ে থাকি যায়

হাজাৰজনে উত্থাপন কৰে প্ৰশ্ন। কেতিয়াবা সেই প্ৰশ্ন প্ৰশ্ন হৈয়ে ৰৈ যায়। উত্তৰ বিচাৰি বিচাৰি ভাগৰুৱা সমাজ কোনোবাখিনি ৰৈ যায়। আকৌ ব্যস্ততাৰ ধামখুমীয়াত আৰম্ভ হয় তথাকথিত নতুন ট্ৰেণ্ড। পুৰণি কথাবোৰ সোমাই পৰে পাহৰণিৰ গৰ্ভত।

সোণৰ কথা শুনিছেনে?
নকল সোণৰ কথা

নিশা গুৱাহাটীত চলিল অভিযান। কটাহবাৰীৰ এটা ভাৰাঘৰত অভিযান চলালে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিল দুই নকল নোট-সোণৰ সৰবৰাহকাৰী ছফিকুল ইছলাম আৰু ছাহাবুদ্দিন।

দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিলে ৪খন নকল সোণৰ নাও
নকল সোণৰ দুটা মূৰ্তি
উদ্ধাৰ কৰিলে নকল নোটো

এই বিষয়ে এসময়ত জ্বলাইছিল ৰাজ্য। কাৰণ তেতিয়া ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল নগাঁৱৰ মৰিকলং থানাৰ এছ আই জোনমণি ৰাভাৰ। জোনমণিৰ সেই মৃত্যুৰ পাছৰ দৃশ্যপট এখন দক্ষিণ ভাৰতীয় চিনেমাৰ দৰেই হৈছিল। সেয়া অবাক হৈ চাই ৰৈছিল অসমবাসীয়ে। নগাঁৱত জোনমণিৰ মৃত্যু। লখিমপুৰৰ নাওবৈচাৰ নকল সোণৰ বেহা। সকলো একপ্ৰকাৰ স্পষ্ট হৈ পৰা বুলিয়েই ধাৰণা কৰিছিল বহুতে। কিন্তু জোনমণিৰ মৃত্যু কেনেকৈ হৈছিল সেয়া আজিও ৰহস্য।

তদন্তৰ নামত ভেকো-ভাওনা

সময়ে সময়ে জঘলাবন্ধাৰ দুৰ্ঘটনাস্থলী, লখিমপুৰ, নগাঁৱত অভিযান চলালে চি বি আয়ে। কিন্ত হাত লাগিল কেৱল শূন্য। জোনমণিৰ সেই মৃত্যুত যে প্ৰত্যক্ষ নাইবা পৰোক্ষভাবে হলেও নকল-নোট সোণৰ বেহাৰ লিংক আছিল সেয়া নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু জোনণিৰ মৃত্যুৰ পাছত কি সলনি হল। এছ আই জোনমণিৰ মৃত্যুৰ পাছতেই নকল নোট-সোণৰ বেহা উতখাত কৰিবলৈ সংকল্প লৈছিল অসম চৰকাৰ, অসম আৰক্ষীয়ে। কিন্তু কি হল। মৃত্যুৰ কেইদিনমান পূৰ্বেও জোনমণিয়ে অভিযান চলাইছিল নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে। এতিয়া জোনমণি নাই। বেহা কিন্তু পূৰ্ণগতিত চলিছে।

নকল সোণৰ বেহাত গুৱাহাটীত জালত পৰিছে নগাঁও-লখিমপুৰৰ যুৱক
কেনেকৈ চলিছে বেহা?

বহুতৰেই সন্দেহ নকল সোণ-নোটৰ বেহাৰ বাবেই মৃত্যু হৈছিল জোনমণিৰ। নিশাৰ অন্ধকাৰত এটা ৰহস্যজনক দুৰ্ঘটনাত জোনমণিৰক মৃত্যু। কিন্তু ৰাজ্যবাসী আজিও অন্ধকাৰত। জোনমণিৰ জীৱনৰ সমাপ্তি আছিল নেকি নকল নোট-সোণৰ বেহাৰ নতুন আৰম্ভণি। ইয়াৰ পাছত কি?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...