শিশু অৱস্থাৰে পৰা বিশ্বজুৰি চৰ্চিত কেইগৰাকীমান কিশোৰ-কিশোৰী

বিশ্বৰ কেইজনমান বিস্ময়কৰ শিশু
নিজৰ মেধা-কৰ্মশক্তিৰে চৰ্চাত…
শিশু অৱস্থাতে কিদৰে অৰ্জন কৰিছে জ্ঞান?

কেইজনমান কণমানিৰ জ্ঞানৰ ভাণ্ডাৰে আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত। তেওঁলোকৰ মগজু ইমানেই শক্তিশালী যে শিশু অৱস্থাতে জয় কৰিছে বিশ্ব। শিক্ষা-সামাজিক ক্ষেত্ৰখনত ধুমুহাৰ সৃষ্টি কৰিছে তেওঁলোকে।

বিশ্বৰ সৰ্বকনিষ্ঠ প্ৰফেচৰ সুবৰ্ণ আইজাক বাৰি

অন্তহীন বিস্ময়, সীমাহীন কৌতুহলৰ আকৰ। ১২ বছৰীয়া সুবৰ্ণৰ জ্ঞানৰ নমুনা দেখিলে স্তম্ভিত হ’ব আপুনিও। ৪ বছৰ বয়সত গণিত আৰু পদাৰ্থ বিজ্ঞানত চমক দেখি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ পৰা লাভ কৰিছিল স্বীকৃতি। ৬ বছৰ বয়সতে তীক্ষ্ণ জ্ঞান-বুদ্ধিৰে হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল বিজ্ঞানীৰ স্বীকৃতি। বিজ্ঞান-গণিতৰ অধ্যয়ন আৰু গৱেষণাৰে কম বয়সতে ভালেমান স্বীকৃতি লাভ কৰাৰ উপৰিও সুবৰ্ণই লিখি উলিয়াইছে ‘The Love’ নামৰ গ্ৰন্থ। ২০১২ চনৰ ৯ এপ্ৰিলত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা সুবৰ্ণই লাভ কৰিছে নবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ পৰা ‘গ্লোবেল চাইল্ড প্ৰডিজি বঁটা’। ২০২০ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ ৰুইয়া মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ ভিজিটিং প্ৰফেচাৰ হিচাপে যোগদান কৰে সুবৰ্ণই। গণিত আৰু বিজ্ঞানৰ চমক দেখি নিউয়ৰ্কৰ চিটি কলেজৰ অধ্যক্ষ ড০ লিছা কইকোৱে ‘আমাৰ সময়ৰ আইনষ্টাইন’ বুলি অভিহিত কৰে সুবৰ্ণক। বৰ্তমান সুবৰ্ণৰ বয়স মাত্ৰ ১২ বছৰ।

শান্তিৰ নবেল বঁটা বিজয়ী মালালা ইউছুফজাই


অতি কম বয়সত ২০১৪ চনত শান্তিৰ নবেল বঁটা লাভ কৰিছিল তেওঁ। মাত্ৰ ১৭ বছৰ বয়সত শান্তিৰ নবেল বঁটা লাভ কৰি স্তম্ভিত কৰিছিল বিশ্ববাসীক। ২০১২ চনত পাকিস্তানত মহিলা শিক্ষাৰ ওপৰত তালিবানে নিষেধাজ্ঞা জাৰি কৰিছিল। ইয়াৰ বিৰুদ্ধে মাত মাতিছিল মালালাই। প্ৰতিবাদে ইমানেই প্ৰভাৱ বিস্তাৰ কৰিছিল য়ে, কিশোৰী মালালাৰ কণ্ঠই কঁপাইছিল সমগ্ৰ পাকিস্তান। অস্বস্তিত পৰিছিল তালিবান। উপায়হীন হৈ পাকিস্তানী তালিবানে মূৰত গুলীইছিল মালালাৰ। শিশু আৰু যুৱক-যুৱতীৰ দমনৰ বিৰুদ্ধে কৰা সংগ্ৰাম আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ বাবে” মাত মাতি দৃষ্টি আকৰ্ষণ কৰিছিল ৰাষ্ট্ৰসংঘৰ। ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে ১২ জুলাইক “মালালা দিৱস” বুলি অভিহিত কৰিছে। ২০১২ চনতো তালিবানে স্কুল বাছত মূৰত গুলিয়াইছিল মালালাৰ। সৌভাগ্যক্ৰমে বাচি গৈছিল যদিও পলাই যাব লগা হৈছিল ইংলেণ্ডলৈ। কিয়নো মালালাৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল তালিবানে। ২০১৩ চনত টাইম আলোচনীয়ে মালালাক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল। মালালাৰ ১৬ সংখ্যক জন্মদিনত ৰাষ্ট্ৰসংঘত দিয়া ভাষণৰ সময়ত বিশ্বৰ যুৱতীসকলৰ বাবে শিক্ষাক সমঅধিকাৰ হিচাপে ৰখাৰ দাবী জনাইছিল মালালাই। বৰ্তমান মালালাৰ বয়স ২৬ বছৰ।

কনিষ্ঠ শিক্ষক হাম্মাদ ছাফি


উচ্চ মেধাশক্তিৰ বলত অতি কম বয়সতে কনিষ্ঠ শিক্ষক, ফ্ৰিলাঞ্চাৰ, মটিভেশ্যনেল স্পীকাৰ, টিভি এংকৰ আৰু লেখক হিচাপে সুনাম অৰ্জন কৰিছে হাম্মাদ ছাফিয়ে। বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছে তেওঁ। হাম্মাদ হৈছে একমাত্ৰ শিশু যিয়ে পাকিস্তানৰ এশৰো অধিক সুপ্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে শিক্ষকতা কৰি আহিছে। বৰ্তমান তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ।

পদাৰ্থবিজ্ঞানী ড০ তথাগত অৱতাৰ তুলসী


তথাগত অৱতাৰ তুলসী এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী। মাত্ৰ ৯ বছৰ বয়সত উচ্চ বিদ্যালয় ১১ বছৰ বয়সত BSC, ১২ বছৰ বয়সত MSC ডিগ্ৰী লাভ কৰি চৰ্চা লাভ কৰিছিল। ২১ বছৰ বয়সত বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ পৰা ২০০৯ চনত Phd ডিগ্ৰী লাভ কৰিছিল তেওঁ। বৰ্তমান তুলসীৰ বয়স ৩৬ বছৰ।

সময়ে সময়ে চৰ্চাত থাকে এইসকল শিশু। তেওঁলোকে নিজস্ব কৰ্ম-আত্মবিশ্বাস-মেধাৰে জয় কৰিছে বিশ্ব। আপুনি আমি কৰিব নোৱাৰা কাম শিশুকালতে কৰি দেখুৱাইছে এইসকল শিশুয়ে। বিজ্ঞান জগতক কেনেদৰে আগুৱাই নিব পাৰি, নাৰী শিক্ষা কেনেকৈ উন্নত কৰিব পাৰি, শিশুৰ অধিকাৰ নিশ্চিত কৰিব পাৰি তাৰেই চিন্তাত ব্ৰতী এইসকল শিশু। শিশু নহয় যেন তেওঁলোক একো একোজন অৱতাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...