শুভ্ৰ বৰফৰ মাজত যোগ সাধনা কৰা কোন এইজন যোগী? ক’ত কৰিছে এই যোগ সাধনা?

শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ক লৈ বিশ্বজুৰি অব্যাহত আছে চৰ্চা। য’ত দেখা গৈছিল তুষাৰাবৃত হিমালয়ত এজন যোগীৰ যোগ সাধনা। বৰফৰ আস্বাদনৰ মাজত গভীৰ ধ্যানত মগ্ন এই যোগীজন। ধ্যানমগ্ন যোগীৰ সমস্ত শৰীৰ বৰফেৰে আবৃত্ত। যোগীৰ শৰীৰত কেৱল সামান্য কাপোৰ। তেনেকৈয়ে অটলভাৱে ধ্যানত মগ্ন হৈ আছে যোগীজন। তেওঁৰ চুলি, দাড়ি, ৰুদ্ৰাক্ষৰ মালা,শৰীৰৰ সামান্য কাপোৰ সকলো বৰফাবৃত্ত । দীৰ্ঘদিন ধৰি হয়তো তেওঁ এনেদৰে সেই তুষাৰাবৃত্ত পৰিৱেশৰ মাজত ধ্যানমগ্ন হৈ আছে। সকলোৰে উৎস্যুকতা কেনেদৰে এই তুষাৰাবৃত্ত পৰিৱেশত সামান্য কাপোৰ পিন্ধিয়েই ধ্যানমগ্ন হৈ থাকিব পাৰিছে যোগীজন। এই পৰিৱেশত জানো এনেদৰে জীয়াই থকা সম্ভৱ? কিন্তু এই সন্দৰ্ভত কাৰো হাতত নাছিল একো তথ্য। নাছিল যোগীজনৰ কোনো পৰিচয়ো। কিন্তু আমি জনাব বিচাৰিছো যোগীজনৰ পৰিচয়। শেহতীয়া খবৰ অনুসৰি বহু বছৰজুৰি যোগ্যাভ্যাসত অভ্যস্ত এই যোগীজনৰ নাম মহাযোগী সত্যেন্দ্ৰনাথ। তেখেতক মানুহে ঈশপুত্ৰ বুলিও মাতে। পৰম আস্তিক হোৱাৰ সমান্তৰালকৈ নিয়মীয়াকৈ যোগাসন কৰে ঈশপুত্ৰই। কমেও আঠখন দেশত বিয়পি আছে ঈশপুত্ৰৰ অনুৰাগী। বৰ্তমান তেওঁ কৌলন্তক পীঠৰ মুৰব্বী। শেহতীয়াভাৱে ভাইৰেল হোৱা তেওঁৰ ভিডিঅ’টো দেখি বহুজন স্তম্ভিত হৈছে যদিও ঈশপুত্ৰক চিনি পোৱাসকলৰ বাবে কিন্তু এয়া কোনো নতুন কথা নহয়। তেওঁৰ ধ্যানৰ শক্তি সম্পৰ্কে একপ্ৰকাৰ জ্ঞাত তেওঁৰ অনুৰাগীসকল। তাৰমাজতে একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দাবী যোগীজনৰ এই ভিডিঅটো হেনো কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মাণ কৰা হৈছে। সত্য যিয়েই নহওক ভাৰতীয় প্ৰাচীন সংস্কৃতি, যোগাভ্যাস আৰু এনে যোগীৰ আধ্যাত্মিক শক্তিৰ কথা অৱশ্যে বিশ্বজুৰি সমাদৃত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...