চাইকেলেৰে অযোধ্যালৈ যাত্ৰা অসমৰ ছাত্ৰৰ

২২ জানুৱাৰীত মুকলি কৰা হ’ল অযোধ্যাৰ ৰাম মন্দিৰ। অযোধ্যাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাক প্ৰতিষ্ঠা কৰাৰ পাছতে বিভিন্নজন গৈছে অযোধ্যালৈ। সমান্তৰালভাৱে অসমৰ পৰাও গৈছে বহুজন। এইবাৰ অসমৰ পৰা চাইকেল লৈ অযোধ্যালৈ যাত্ৰা আৰম্ভ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ।

ছাত্ৰজন যোৰহাটৰ অৰিন্দম তামুলী। যোৰহাটৰ অৰিন্দমে দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ। NKTV PLUSৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাত্ৰজনে জনাই যে ১৯ দিনৰ ভিতৰত তেওঁ অযোধ্যাত উপস্থিত হ’ব। আৰ্থিক দীনতাৰ বাবে চাইকেলেৰে যাব অযোধ্যালৈ। বিভিন্ন পেট্ৰ’ল পাম্পত নৈশ যাপন কৰিব অৰিন্দম তামুলীয়ে। লগতে ছাত্ৰজনে কয় যে ‘বহুতে ভাবে পইচা থাকিলেহে ফুৰিব পাৰি, মই ভাবো পইচা নোহোৱাকৈও মানুহ ফুৰিব পাৰি’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...