ডিমৌ–নিতাইপুখুৰী পথত অধিকাংশ সৌৰ লাইট বিকল, ক্ষোভিত ৰাইজ

অসম মালা আঁচনিৰ অধীনত বকতা খামুনৰ পৰা পানীদিহিঙৰ বামৰজাবাৰীলৈকে নিৰ্মাণ কৰা প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দাঁতিত স্থাপন কৰা সৌৰশক্তি চালিত লাইটৰ অধিকাংশই বিকল হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে।

পথ নিৰ্মাণ আঁচনিৰ অধীনত ঠিকাদাৰী প্ৰতিষ্ঠানে স্থাপন কৰা লাইটসমূহ প্ৰায় ৩০ মিটাৰ ব্যৱধানত স্থাপন কৰা হৈছিল। বিশেষকৈ ডিমৌ–নিতাইপুখুৰী অংশটো অত্যন্ত ব্যস্ত পথ হিচাপে পৰিচিত হোৱাত পথৰ দাঁতিত সৌৰ লাইট স্থাপনে স্থানীয় ৰাইজক আশ্বস্ত কৰিছিল। সন্ধিয়াৰ সময়ত বহু লোকেও লাইটসমূহৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰি পথছোৱাত খোজকঢ়াৰ লগতে অন্যান্য কামত ব্যৱহাৰ কৰিছিল।

কিন্তু স্থাপনৰ কিছুদিনৰ পাছতেই অধিকাংশ লাইট নজ্বলা হৈ পৰাত পথছোৱাৰ বহু অংশ পুনৰ এন্ধাৰত ডুব যোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ফলত নিশাৰ সময়ত পথটোৰ নিৰাপত্তা আৰু যাতায়াত ব্যৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰিছে ৰাইজে।

সৌৰ লাইটসমূহৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ আৰু যথাযথ ৰক্ষণাবেক্ষণৰ অভাৱৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠান আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। লগতে বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰি বিকল লাইটসমূহ শীঘ্ৰে মেৰামতি অথবা সলনি কৰাৰ বাবে ডিমৌৰ বিধায়ক তথা মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...