তালিবানক সমৰ্থন : আৰক্ষীৰ জালত ৱেব পৰ্টেলৰ ‘তথাকথিত’ সাংবাদিক

তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি বাক্সাৰ শালবাৰীত গ্ৰেপ্তাৰ এজন। গ্ৰেপ্তাৰ ৰফিকুল ইছলাম নামৰ ৱেব পৰ্টেলৰ ‘তথাকথিত’ সাংবাদিকজন। তিনিটাকৈ ৱেব পৰ্টেলত কৰ্মৰত ধৃত ৰফিকুল ইছলাম। এখন ব্যক্তিগত শিক্ষানুষ্ঠানত শিক্ষকতাও কৰে ৰফিকুল ইছলামে। গোৱৰ্ধনা থানাত 168/21 নম্বৰত গোচৰ ৰুজু কৰি 66 IT Actৰ অধীনত 120B/153A/A1A/153B(1A/1C)/298/505(1B/1C)/505(2)/39(1B) ধাৰাত গ্ৰেপ্তাৰ ৰফিকুলক৷

ইয়াৰ পূৰ্বেও এনেধৰণৰ সমসাময়িক বিতৰ্কিত মন্তব্য ছ’চিয়েল মিডিয়াত দিয়াৰ তথ্য লাভ কৰিছে বাক্সা আৰক্ষীয়ে ৷ অৱশ্যে যুৱক গৰাকীয়ে দিয়া বিতৰ্কিত মন্তব্য সন্দৰ্ভত তদন্তৰ খাতিৰত সদৰি কৰা নাই আৰক্ষীয়ে। শান্তি-সম্প্ৰীতি অটুট থকা বাক্সা জিলাত অশান্তি বিয়পাব বিচৰা যিকোনো লোককে বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য কৰে আৰক্ষী বিষয়া গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...