চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা। ক্ৰীড়াজগতৰ ব্যক্তি নহয়, স্মৃতিয়ে বাছি লৈছে বিনোদন জগতৰ এগৰাকী ব্যক্তিক। স্মৃতিৰ হ’বলগীয়া স্বামী পলাশ মুচ্ছল। শাস্ত্ৰীয় সংগীতত বিশেষ নাম আছে পলাশৰ। বৰ্তমান হিন্দী চিনেমাত সুৰকাৰ আৰু পৰিচালক হিচাপে কাম কৰে তেওঁ।

স্মৃতি এতিয়া ভাৰতৰ অন্যতম ধনী ক্ৰিকেট তাৰকা। BCCIৰ সৈতে স্মৃতিৰ চুক্তি আছে, ইয়াৰ জৰিয়তে বাৰ্ষিক ৫০ লাখ টকা লাভ কৰে। টেষ্ট ক্ৰিকেটৰ প্ৰতি মেচত ১৫ লাখ টকা, এদিনীয়া মেচত ৬ লাখ লাভ কৰে। ‘উইমেন্স প্ৰিমিয়াৰ লীগ’ত বেংগালুৰুৰ হৈ খেলে স্মৃতিয়ে আৰু তাত তেওঁৰ মূল্য ৩.৪ কোটি টকা। বিভিন্ন বিজ্ঞাপনৰ পাৰিশ্ৰমিক ৫০ৰ পৰা ৭০ লাখ টকাৰ মাজত। সকলো মিলি বাৰ্ষিক আয় প্ৰায় ৩৫ কোটি টকাৰ ওচৰা-ওচৰি। মুঠ সম্পত্তিৰ হিচাপত সেই পৰিমাণ আৰু বেছি।

আনফালে পলাশে ‘তেৰে বিন লাডেন’, ‘ছুইটি ওৱেডছ এনআৰআই’ ছবিত সুৰ দিছে। অৰিজিত সিং আৰু তেওঁৰ ভনী পলকে গোৱা ‘তু হ্যায় আশিকি’ গানৰ সুৰকাৰো তেওঁ। সুৰকাৰ হোৱাৰ পূৰ্বে অভিনেতা হ’বলৈ চেষ্টা কৰিছিল যদিও সফলতা লাভ নকৰিলে পলাশে। তথাপি ‘কাম চালু হ্যায়’ নামৰ এখন ছবি পৰিচালনা কৰিছে তেওঁ। পলাশৰ মুঠ সম্পত্তি প্ৰায় ৪০ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...