ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই অসমীয়া চিনেমাৰ বাবে অসমত এতিয়া বাতিল কৰিবলগীয়া হৈছে হিন্দী চিনেমাৰ প্ৰদৰ্শনী। এতিয়া সৰ্বত্ৰ ‘ৰৈ ৰৈ বিনালে’ৰ জ্বৰ। জনপ্ৰিয়তাৰ শীৰ্ষত এতিয়া এটাই নাম, ‘ৰৈ ৰৈ বিনালে’। জয়যাত্ৰা অব্যাহত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ। প্ৰথম দিনটোতে ২.৫২ কোটি টকা উপাৰ্জন কৰি বহু ছবিৰ অভিলেখ ভংগ কৰিলে ছবিখনে। দ্বিতীয়-তৃতীয় দিনাও একেই উচাহেৰে চলচ্চিত্ৰপ্ৰেমীয়ে উপভোগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবিখন। অসমৰ গাঁও-নগৰত ডেকা-বুঢ়া সকলোৰে মুখত এতিয়া ‘ৰৈ ৰৈ বিনালে’ৰ নাম। মুক্তিৰ প্ৰথম দিনটোৰ পৰাই অসমৰ ছবিগৃহসমূহত অভাৱনীয় ভিৰ। বোকোচাত উঠি কেইবাগৰাকীও আইতাই ছবিগৃহলৈ আহিল। কেৱল অসমতে নহয়, উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ উপৰিও দেশৰ বহু স্থানত প্ৰদৰ্শিত হৈ আছে ‘ৰৈ ৰৈ বিনালে’। হিন্দী চিনেমা নচলা মিজোৰমাত ৰৈ ৰৈ বিনালে উপভোগ কৰিছে মিজো চলচ্চিত্ৰপ্ৰেমীয়ে। শ্বিলঙত চিনেমা চোৱাৰ পূৰ্বে অশ্ৰু অঞ্জলি যাচিছে প্ৰাণৰ শিল্পীক। অৰুণাচলত হাউছফুল ৰৈ ৰৈ বিনালে। চুবুৰীয়া প্ৰতিখন ৰাজ্যৰ চিনেমা হলত বিপুল সঁহাৰি দৰ্শকৰ। ইতিবাচক খবৰ এয়াই যে পূৰ্বতে অসমীয়া চিনেমা প্ৰদৰ্শিত নোহোৱা বহু ঠাইত এতিয়া প্ৰদৰ্শন হৈছে প্ৰাণৰ শিল্পীৰ সপোনৰ ছবিখন।

অসমীয়া চিনেমাৰ যেন সুদিন উভতি আহিছে। বাছ লৈ অসমীয়া চিনেমা চাবলৈ অহা দিনবোৰ ঘূৰি আহিছে। যোৰহাটত আজিৰ দিনটোত দেখা গ’ল এটা ভাললগা দৃশ্য। বাছ লৈ প্ৰাণৰ শিল্পীৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ চাবলৈ ছবিগৃহলৈ আহিল দৰ্শক। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে তিনিখন বাছত চিনেমাখন চাবলৈ আহিল বহু লোক। সঁচাকৈয়ে, জুবিন গাৰ্গৰ সপোনবোৰ যেন পূৰণ হৈছে। আকৌ যেন উভতি আহিছে অসমীয়া চিনেমাৰ সেই সোণালী দিনবোৰ। এই দৃশ্যই যেন নীৰৱে কৈ গৈছে সেই কথাই…জুবিন গাৰ্গৰ অন্তিমখন চিনেমাৰ পৰাই আৰম্ভ হওক সোণালী সুদিন!

এনে বহু ভাললগা খবৰৰ বাবে পঢ়িবলৈ নাপাহৰিব NKTV PLUSৰ খবৰৰ শিতান ‘ইতিবাচক’। ধৰ্ষণ, হত্যা, অপহৰণ, দুৰ্ঘটনাৰ খবৰ নহয়… আমি দিম তেনে বহু খবৰ, যি খবৰে ভালে ৰাখে সমাজ, ভালে ৰাখে পৃথিৱী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...