প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্ট তাৰিখে এই পাঠ্যক্ৰম আৰম্ভ হয়৷ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগিতাত প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসমৰ সাহিত্য জগতৰ পিতামহ ড০ নগেন শইকীয়াই। তেওঁ বক্তব্যত কয় যে- এটি কণমানি শিশু তেতিয়াহে প্ৰকৃত মানুহ হ’ব যেতিয়া নিজস্ব ভাষা আৰু সংস্কৃতি আহৰণ কৰিব পাৰিব। তেওঁ লগতে কয়, ভৱিষ্যত প্ৰজন্মৰ শান্তি আৰু প্ৰগতিৰ বাবে আমি শিশুসকলক নদ, নদী, পৰ্বত, পাহাৰ, জান- জুৰিৰ কাষলৈ নিব লাগিব।


সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বড়া আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া| অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা অলি খনিকৰ দত্তই।

Popular

More like this
Related

গুৱাহাটীৰ ৰাজপথত তাণ্ডৱ চলালে সুৰাপায়ী যুৱতীয়ে

সুৰাৰ অবিহনে যেন উদযাপন কৰিব নোৱাৰে একাংশই। সুৰাৰ বাবেই...

বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো

সুন্দৰী যুৱতীৰ নগ্ন ফটো পৰ্ণ চাইটত বিক্ৰী। বজাৰত উপলব্ধ...

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে,...