ৰাজনীতিবিদসকললৈ কণ্ঠশিল্পী চনু নিগমৰ বিশেষ বাৰ্তা

বহু সময়ত মনৰ কথাবোৰ মুকলিকৈ প্ৰকাশ কৰে কণ্ঠশিল্পী চনু নিগমে। বিভিন্ন বিষয় সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো মতামত দিয়ে কণ্ঠশিল্পীজনে। শীতৰ সময়চোৱাত দেশৰ ভিন্ন প্ৰান্তত আৰম্ভ হয় সংগীতানুষ্ঠান। সংগীতানুষ্ঠান গীত পৰিৱেশন কৰে কণ্ঠশিল্পীসকলে। এইবাৰ শীতত ৰাজস্থানত আয়োজিত এক সংগীতানুষ্ঠানত উপস্থিত হৈছিলগৈ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম।

এক মিউজিক কনচাৰ্টত চনু নিগমৰ সুৰীয়া সংগীত পৰিৱেশন। কিন্তু এই মিউজিক কনচাৰ্টৰ পিছতেই একাংশ নেতা-মন্ত্ৰীলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে চনু নিগমে। নেতা-মন্ত্ৰীসকলক কোনোধৰণৰ মিউজিক কনচাৰ্টলৈ নাহিবলৈ অনুৰোধ চনু নিগমৰ। এজন শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে যদি নেতা-মন্ত্ৰীসকল গুচি যাব লগা হয় তেন্তে, তেনে অনুষ্ঠানলৈ তেওঁলোকক নাযাবলৈ অনুৰোধ জনালে চনু নিগমে। ৰাজস্থানত চনু নিগমৰ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। সমান্তৰালকৈ উপস্থিত আছিল আন কেইবাজনো মন্ত্ৰী।

কিন্তু চনু নিগমে গীত পৰিৱেশন কৰি থকাৰ মাজতে অনুষ্ঠান এৰি গুচি গৈছিল নেতা-মন্ত্ৰীসকলে। আৰু এই কথাই বাৰুকৈয়ে আঘাত দিছিল চনু নিগমৰ সন্মানত। একাংশ ৰাজনৈতিক নেতালৈ চনু নিগমৰ প্ৰশ্ন, যদি আপোনালোকেই শিল্পীসকলক সন্মান নকৰে, তেন্তে সাধাৰণ ৰাইজে শিল্পীক কি সন্মান দিব? এজন শিল্পীৰ সংগীতানুষ্ঠানক অসন্মান কৰা মানে সৰস্বতীকো অসন্মান কৰা। গতিকে কোনো নেতা-মন্ত্ৰীকে তেনে নকৰিবলৈ আহ্বান চনু নিগমৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...