এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক

এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক। লেটেকুজান চাহ বাগিচাত জাকৰ সৈতে বিচৰণ কৰি ফুৰিছে আঘাতপ্ৰাপ্ত হাতীটোৱে। খাদ্য অথবা পানী খাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে আঘাতপ্ৰাপ্ত হাতীটোয়ে। হাতীটোৰ পিছফালৰ বাওঁ ঠেঙত আঘাতৰ চিন স্পষ্ট। কোনো লোকৰ আক্ৰমণত হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ। খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছিল প্ৰায় ৪০-৫০জনীয়া এটা হাতীৰ জাক। হাতীৰ জাকটোৱে অঞ্চলটোত বিচৰণ কৰি জনাঞ্চলত উপদ্ৰৱ চলোৱাৰো অভিযোগ ৰাইজৰ। তাৰ মাজতে কোনোৱে চোকা অস্ত্ৰৰে আঘাত কৰে হাতীটোক। এতিয়া জাকৰ সৈতে বিচৰণ কৰাতো অসুবিধা হৈছে আঘাতপ্ৰাপ্ত হাতীটোৰ। উল্লেখ্য যে ৰাজ্যজুৰি অব্যাহত আছে হাতী-মানুহৰ সংঘাত। কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু ঘটিছে। কেতিয়াবা আকৌ মানুহৰ আক্ৰমণত মৃত্যু ঘটিছে হাতীৰ। শেহতীয়াভাৱে একাংশ উদণ্ড লোকৰ হাতীক আক্ৰমণৰ দৃশ্যও হৈছিল ভাইৰেল। হাতী খেদিবলৈ প্ৰায়ে স্থানীয় লোকে আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰে। কোনোৱে যদি জোঁৰ লৈ খেদে, কোনোবাই আকৌ যাঠী-জোং লৈ হাতী খেদে। এনেধৰণৰ আক্ৰমণতে তিতাবৰৰ এই হাতীটো গুৰুতৰভাৱে আহত হৈ অসুস্থ হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীৰ অভিযোগ হাতী-মানুহৰ সংঘাত ৰোধত সম্পূৰ্ণ ব্যৰ্থ বন বিভাগ। ইফালে অসুস্থ হাতীটোক উদ্ধাৰ কৰি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰাৰো আহ্বান সকলোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি...

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...