অবৈধ সম্পৰ্ক আছিল কংকনৰ, মামীয়েকৰ সৈতে অসংযত অৱস্থাত দেখিছিল উত্তমে

২৯ বছৰীয়া কংকন দাস ওৰফে সুমনৰ নৃশংস হত্যাক লৈ চিলাপথাৰত সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও শাম কটা নাই। হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা উত্তম সিনহাই আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।

এখন চোকা দাৰে কংকনৰ শিৰচ্ছেদ কৰিছিল উত্তম সিনহাই। ঘটনাৰে সাঙোৰ খাই পৰা অভিযুক্তৰ মামীয়েক বিৰজা দাসৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে আপত্তিজনক সামগ্ৰী।

বিচনাৰ তলত পোৱা গৈছে তেজৰ ডোঙা। সকলো তথ্য প্ৰমাণ বিজ্ঞানসন্মত ভাৱে সংগ্ৰহ কৰি ঘটনাৰ অভিযোগনামা তৈয়াৰ কৰিবলৈ সাজু হৈছে চিলাপথাৰ আৰক্ষী। অবৈধ প্ৰেমেই কাল হৈছিল কংকনৰ।

সাংবাদিকক এইপৰ্যন্ত মুখ খুলি নক’লেও বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি উত্তমৰ মামীয়েকৰে অবৈধ সম্পৰ্ক আছিল কংকনৰ।

ঘটনাৰ নিশাও উত্তমৰ মামীয়েকৰ কোঠাতে আছিল কংকন। নিশা হঠাৎ মোমায়েকৰ কোঠাত মামীয়েক আৰু কংকনক দেখিছিল উত্তম সিনহাই। দুয়োকে অসংযত অৱস্থাত আৱিস্কাৰ কৰিছিল উত্তমে। তাৰ পিছত সেই কোঠাটোতেই এখন চোকা দাৰে কংকনৰ ডিঙি কাটি দিছিল উত্তম সিনহাই। কাপোৰেৰে তেজ মচি এখন ট্ৰেক্টৰেৰে কংকনৰ শিৰচ্ছেদ কৰা মৃতদেহটো ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসুতিত পেলাই দিছিল। ঘটনাৰ মুখ্য অভিযুক্ত উত্তম সিনহা আৰু সহঅভিযুক্ত মামীয়েকক লৈ জলকীয়াসুতিত ক্ৰাইম ছীন ভিডিঅ’গ্ৰাফী চিলাপথাৰ আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে মৃতদেহ কঢ়িওৱা ট্ৰেক্টৰ, দা, জোতা, আৰু তেজ পৰিষ্কাৰ কৰা কাপোৰ ইত্যাদি সামগ্ৰী। কৰ্মসূত্ৰে অৰুণাচলত থকা ২৯ বছৰীয়া কংকনে মাতৃৰ অসুখৰ বাবে কিছুদিন পূৰ্বে আহিছিল ঘৰলৈ। কিন্তু পৰকীয়া প্ৰেমৰ বাবেই ৩০ জানুৱাৰীৰ নিশা বলি হ’ল নৃশংস হত্যাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...