হাতত কেমেৰা লৈ পক্ষীৰ সন্ধানত কাজিৰঙাত মন্ত্ৰী ৰণোজ পেগু

৩ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টত বাৰ্ডিং চাফাৰী মন্ত্ৰী ৰণোজ পেগুৰ।

পাণবাৰীত বাৰ্ডিং চাফাৰী মুকলি কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰশংসা মন্ত্ৰীজনৰ‌‌।শিৱসাগৰলৈ যাত্ৰাৰ সময়ত ক্ষন্তেক সময় ৰৈ বাৰ্ডিং চাফাৰীৰ আনন্দ ল’লে মন্ত্ৰীজনে। হৰ্ণবিল, ইমাৰেল ড’ভ, ৰেকেট টেইল ড্ৰোংগোৰ লগতে বহুসংখ্যক হাবিৰ চৰাই দেখাৰ সৌভাগ্য হ’ল মন্ত্ৰীজনৰ। সময় পালে মৰ্ণিং ৱাকৰ সময়খিনি হাবিৰ ভিতৰত পাৰ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীজনে।

চৰাইৰ প্ৰতি আগ্ৰহী সকল কাজিৰঙাৰ পাণবাৰীলৈ আহিব পাৰে। আনহাতে, কাজিৰঙা চফৰৰ অন্তত ৰাজ্যত শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত সমস্যা সমাধানৰ বাবে কেবিনেট উপ সমিতি গঠন কৰা হৈছে। সমিতিৰ পৰামৰ্শমতে চৰকাৰে কাম কৰিব বুলি কয় মন্ত্ৰীজনে‌।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...