হাতত কেমেৰা লৈ পক্ষীৰ সন্ধানত কাজিৰঙাত মন্ত্ৰী ৰণোজ পেগু

৩ ফেব্ৰুৱাৰীত পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টত বাৰ্ডিং চাফাৰী মন্ত্ৰী ৰণোজ পেগুৰ।

পাণবাৰীত বাৰ্ডিং চাফাৰী মুকলি কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক প্ৰশংসা মন্ত্ৰীজনৰ‌‌।শিৱসাগৰলৈ যাত্ৰাৰ সময়ত ক্ষন্তেক সময় ৰৈ বাৰ্ডিং চাফাৰীৰ আনন্দ ল’লে মন্ত্ৰীজনে। হৰ্ণবিল, ইমাৰেল ড’ভ, ৰেকেট টেইল ড্ৰোংগোৰ লগতে বহুসংখ্যক হাবিৰ চৰাই দেখাৰ সৌভাগ্য হ’ল মন্ত্ৰীজনৰ। সময় পালে মৰ্ণিং ৱাকৰ সময়খিনি হাবিৰ ভিতৰত পাৰ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীজনে।

চৰাইৰ প্ৰতি আগ্ৰহী সকল কাজিৰঙাৰ পাণবাৰীলৈ আহিব পাৰে। আনহাতে, কাজিৰঙা চফৰৰ অন্তত ৰাজ্যত শিক্ষকৰ প্ৰতিবাদ সন্দৰ্ভত সমস্যা সমাধানৰ বাবে কেবিনেট উপ সমিতি গঠন কৰা হৈছে। সমিতিৰ পৰামৰ্শমতে চৰকাৰে কাম কৰিব বুলি কয় মন্ত্ৰীজনে‌।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...