ব্যাপক সালসলনিৰে পুনৰ গঠন কৰা হ’ল ছিকিমৰ জিলা

ছিকিমত ছখনলৈ বৃদ্ধি পালে জিলাৰ সংখ্য়া। ছিকিম পুনৰ জিলা আইন ২০২১ অনুসৰি নতুনকৈ দুখন জিলা গঠন কৰা হৈছে। বৰ্তমানৰ পূব আৰু পশ্চিম ছিকিম জিলাৰ পৰা পৃথক কৰি নতুনকৈ দুখন জিলা গঠিত হৈছে। নতুনকৈ গঠন কৰা জিলা দুখন হৈছে পাকিয়ং আৰু চোৰেং।

ইয়াৰ বিপৰীতে বৰ্তমানৰ ৪খন জিলাৰ নামো সলনি কৰা হৈছে। উত্তৰ ছিকিমক মংগন, পশ্চিম ছিকিমক গিয়ালছিং, পূব ছিকিমক গেংটক আৰু দক্ষিণ ছিকিমক নামচী জিলা ৰূপে নাম দিয়া হৈছে।


ইয়াৰ পূৰ্বে দশম বিধানসভাৰ পঞ্চম অধিৱেশনৰ তৃতীয় আৰু অন্তিম দিনা ছিকিম বিধান সভাই বৰ্তমানৰ পূব আৰু পশ্চিম ছিকিম জিলাৰ পৰা নিৰ্মাণ কৰা দুখন নতুন জিলা পাকিয়ং আৰু চোৰেং গঠনৰ বাবে অনুমোদন জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...