ব্যাপক সালসলনিৰে পুনৰ গঠন কৰা হ’ল ছিকিমৰ জিলা

ছিকিমত ছখনলৈ বৃদ্ধি পালে জিলাৰ সংখ্য়া। ছিকিম পুনৰ জিলা আইন ২০২১ অনুসৰি নতুনকৈ দুখন জিলা গঠন কৰা হৈছে। বৰ্তমানৰ পূব আৰু পশ্চিম ছিকিম জিলাৰ পৰা পৃথক কৰি নতুনকৈ দুখন জিলা গঠিত হৈছে। নতুনকৈ গঠন কৰা জিলা দুখন হৈছে পাকিয়ং আৰু চোৰেং।

ইয়াৰ বিপৰীতে বৰ্তমানৰ ৪খন জিলাৰ নামো সলনি কৰা হৈছে। উত্তৰ ছিকিমক মংগন, পশ্চিম ছিকিমক গিয়ালছিং, পূব ছিকিমক গেংটক আৰু দক্ষিণ ছিকিমক নামচী জিলা ৰূপে নাম দিয়া হৈছে।


ইয়াৰ পূৰ্বে দশম বিধানসভাৰ পঞ্চম অধিৱেশনৰ তৃতীয় আৰু অন্তিম দিনা ছিকিম বিধান সভাই বৰ্তমানৰ পূব আৰু পশ্চিম ছিকিম জিলাৰ পৰা নিৰ্মাণ কৰা দুখন নতুন জিলা পাকিয়ং আৰু চোৰেং গঠনৰ বাবে অনুমোদন জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...