খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন। সংস্থাপন বিচাৰি হাহাকাৰ কৰি ঘুৰি ফুৰা নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে খাৰুপেটীয়াত। এন এছ ডি চিৰ অধীনত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ জৰিয়তে দৰঙৰ খাৰুপেটীয়াত বেছিক কেয়াৰ ছাপৰ্ট , হোম কেয়াৰ ছাপৰ্ট আৰু ইমাৰ্জেন্সী কেয়াৰ ছাপৰ্ট নামৰ তিনি খন জবৰোল কেন্দ্ৰ খোলা হৈছে। এই আঁচনিৰ অধীনত শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক ক’ভিড-১৯ৰ যুজাৰু হিচাপে সাজু কৰিবলৈ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ দায়িত্বত থকা ৰফিকুল ইছলাম নামৰ লোকজনে প্ৰতিজন যুৱক-যুৱতীৰ পৰা ১ হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে তালিকাত নাম থকা যুৱক-যুৱতীৰ বিপৰীতে নাম নথকা একাংশ যুৱক-যুৱতীৰ পৰা অবৈধ ভাৱে ধন লৈ ভুৱা নিযুক্তি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী যুৱক-যুৱতী সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...