সুশান্ত-সিদ্ধাৰ্থৰ মৃত্যুৰ কাকতালীয় সংযোগ; বিতৰ্কত সোমাই পৰিছে কুপাৰ হাস্পতাল

ছ’চিয়েল মিডিয়াত চলিছে সৰৱ চৰ্চা

বৃহস্পতিবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লোৱা সিদ্ধাৰ্থ শুক্লা আৰু সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ সৈতে সংযোগ বিচাৰি পাইছে দুয়োগৰাকী অভিনেতাৰ গুণমুগ্ধই। সিদ্ধাৰ্থৰ ব্যক্তিগত চিকিৎসকজনে অভিনেতা গৰাকীক মৃত ঘোষণা কৰাৰ পিছত কুপাৰ হাস্পতালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহালৈ নেটিজেনসকলে এই ঘটনাক সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ সৈতে সামঞ্জস্য বিচাৰি চিকিৎসালয়খনৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোৱায়। সিদ্ধাৰ্থৰ দৰে সুশান্তকো একেখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আৰু তাৰ পিছত মুম্বাই আৰক্ষীয়ে চলোৱা ন্যায়িক কাৰ্যকলাপৰ বিষয়ে সকলোৰে জ্ঞাত। উল্লেখ্য যে, শিৱসেনাৰ ঠাকৰে পৰিয়ালে মহাৰাষ্ট্ৰ চৰকাৰৰ নেতৃত্ব দি আছে। সেয়েহে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু আদিত্য ঠাকৰেৰ কুপাৰ চিকিৎসালয়ৰ ওপৰতো বিশেষ প্ৰভাৱ আছে বুলি একাংশই লিখিছে। কাৰণ কুপাৰ হাস্পতালখন বিএমচিৰ অধীনত আছে। সেয়েহে  সিদ্ধাৰ্থ শুক্লাৰ অনুৰাগীসকলে অভিনেতা গৰাকীক কুপাৰ হাস্পতাললৈ লৈ যোৱাৰ বাবে বিচলিত হৈছে।

ইফালে, সিদ্ধাৰ্থ শুক্লাৰ শুকুৰবাৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ভায়েক শ্বেহবাজ বাদেশাৰ সৈতে উপস্থিত হোৱা শ্বেহনাজ গিলক এক অসহনীয় অৱস্থাত দেখা গৈছিল। শ্মশানত উপস্থিত হোৱাৰ মূহুৰ্তত শ্বেহনাজক নিয়ন্ত্ৰণহীনভাৱে কান্দি থকা দেখা গৈছিল। শ্বেহনাজ গিল আৰু সিদ্ধাৰ্থ শুক্লাই ‘বিগ বছ’ৰ জৰিয়তে ইজনে সিজনৰ সৈতে পৰিচয় হৈছিল। আৰু এটা সময়ত বিগ বছৰ অন্যতম বিখ্যাত দম্পতি হৈ পৰিছিল সিদ্ধাৰ্থ-শ্বেহনাজ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজ গিলে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল।  উল্লেখ্য যে, পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত শুকুৰবাৰে ওশিৱাৰা শ্মশানত অভিনেতাজনৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...