সিদ্ধার্থ শৰ্মাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে কোনো সম্পর্ক নাই: ভাৰতীয় জনতা যুৱ মৰ্চা

প্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রাক্তন মেনেজাৰ সিদ্ধার্থ শৰ্মা বর্তমান ভাৰতীয় জনতা পার্টিৰ সদস্য বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ চলি থকা দৃষ্টিগোচৰ হৈছে। যিটো কার্যকালৰ বাবে সিদ্ধার্থ শর্মাক দায়িত্ব দিয়া হৈছিল এই কার্যকালত ভাৰতীয় জনতা পাৰ্টিৰ কোনো কার্যসূচীতে সিদ্ধার্থ শৰ্মাৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগিতা থকা দূৰৰে কথা লেখ মাত্রও উপস্থিতি নাছিল। সেয়ে আমি স্পষ্ট কৰি দিও যে সিদ্ধার্থ শৰ্মাৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কোনো সদস্য বা কার্যকর্তা হিচাপে বর্তমান পৰিচয় নাই। যিহেতু সিদ্ধার্থ শৰ্মা বৰ্তমান ভাৰতীয় জনতা পার্টিৰ কোনো প্রাথমিক সদস্য বা কার্য্যকর্তা নহয় সেয়ে শৰ্মাক বহিষ্কাৰ কৰা কথা আহি নপৰে।

লগতে ভাৰতীয় জনতা যুৱ মৰ্চাই স্পষ্টভাৱে দাবী জনাই যে ৰাইজ আৰু পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত কঠোৰতম আৰু ক্ষীপ্ৰতৰ আইনী ব্যৱস্থাৰে প্রয়াত শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিব লাগে। এই ক্ষেত্রত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যুৱ মৰ্চাই সম্পূর্ণ আস্থা আৰু বিশ্বাস ব্যক্ত কৰে। এছআইটি কে ধৰি বিভিন্ন সংস্থাৰ দ্বাৰা চলি থকা তদন্ত প্রক্রিয়াত সকলো দোষীয়ে আইনৰ আওতালৈ আহিব আৰু দোষীয়ে শাস্তি পাব বুলি সভাপতি গৰাকীয়ে বিশ্বাস ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...