নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা

গোলাঘাট চুঙাজান টেঙাতলত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা। বৃহস্পতিবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল জালাল বস্তিত নগাৰ ভয়ানক আক্ৰমণ। শতাধিক বাসগৃহত নগাৰ অগ্নি সংযোগ, বোমা নিক্ষেপ, গুলীবৰ্ষণ।

নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা। বৃহস্পতিবাৰে নিশা অঞ্চলটোত ৮ শতাধিক নগাই তাণ্ডৱ চলাই জ্বলাই দিলে ১০০ৰো অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। ২০০৬ চনতে জালালবস্তিৰ গাঁওবুঢ়া জালাল উদ্দিনক অপহৰণ কৰিছিল নগাই। আজিলৈও সন্ধান নোলাল জালালউদ্দিনৰ। বৃহস্পতিবাৰে অপহৃত গাঁওবুঢ়াজনৰ ঘৰতো বোমা নিক্ষেপ কৰি ধাৰষাৰ গুলী বৰ্ষণ কৰে নগা দুবৃত্তই। শুকুৰবাৰে পুৱা ধ্বংসস্তূপৰ মাজত নিজৰ সামগ্ৰী বিচাৰিলে ভুক্তভোগীয়ে। জুইত জাহ যোৱা ঘৰখনলৈ চাই উচুপি উঠিল সীমান্তবাসী। শনিবাৰেও সমগ্ৰ অঞ্চলটোত অব্যাহত চেপা উত্তেজনা। ইয়াৰ মাজতে গোলাঘাট জিলা প্ৰশাসন আৰু সৰুপথাৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ভুক্তভোগী ৰাইজক সাহাৰ্য্য প্ৰদান প্ৰশাসনৰ।

ঘটনাক লৈ ইতিমধ্যে গোলাঘাট প্ৰশাসনে গঠন কৰিছে এখন তদন্ত কমিতি। য’ত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ মুঠ ৮ জনীয়া তদন্ত কমিতি গঠন গোলাঘাট প্ৰশাসনৰ।

ঘটনা সংঘটিত হোৱা অঞ্চলটোত সাংবাদিক আৰু প্ৰশাসনৰ বাদে কোনো লোককে প্ৰবেশ কৰিবলৈ দিয়া হোৱা নাই। চাৰিওফালে CRPFয়ে দি আছে পহৰা। ইয়াৰ মাজতে নগাই পুনৰ ৰাইজক ভাবুকি দিয়াৰ অভিযোগ স্থানীয়ৰ। ঘৰ জ্বলোৱাৰ পিছতো আঁতৰি নগলি, এইবাৰ তহঁতক গুলিয়াই মাৰিম বুলি ভাবুকি নগাৰ।

এতিয়া নগাৰ ভয়ত হাতৰ মুঠিত জীউ লৈ পাৰ কৰিছে জালালবস্তিৰ জনতাই। পিছে এনেকৈ আৰু কিমান দিন, অসমৰ কৃষকক অসমৰ ভূমিতে খেতি কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে নগাই, অসমৰ বেদখলমুক্ত মাটি নিজৰ বুলি দাবী কৰে নগাই, অসম-নাগালেণ্ড সীমান্তত ধাৰাবাহিকভাৱে নগাই এইদৰে চলায় আহিছে উপদ্ৰৱ। এতিয়া অসম চৰকাৰে বাৰম্বাৰ আলোচনাতেই মিলিত হৈ থাকিব নে সিমান্তৰ জনতাক সুৰক্ষাও দিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...