অক্টোবৰত পৰিবহণ বিভাগৰ জাতিৰ প্ৰতি বিশেষ সেৱা মাহৰ কাৰ্যসূচী

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম মাহৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত অক্টোবৰ মাহটো জাতিৰ প্ৰতি বিশেষ সেৱা মাহ হিচাপে পালন কৰিবলৈ লোৱা লৈছে। স্বাধীনতাৰ সোৱাদ দি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষক এখন অন্যতম সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জনাই তেওঁৰ জন্ম মাহটো জাতিৰ সেৱা মাহ হিচাপে পালন কৰিবলৈ লোৱাৰ কথা উল্লেখ কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷ তেওঁ কয় যে মহামানৱ মহাত্মা গান্ধীৰ “কৰ্মই ধৰ্ম” বাণীক মূলমন্ত্ৰ হিচাপে লৈ ৰাইজৰ যানবাহনৰ নথিপত্ৰ নৱীকৰণ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেয়ে সকলো যান-বাহনৰ গৰাকী আৰু চালক বন্ধুক তেওঁ অনুৰোধ জনাইছে যাতে যান-বাহনৰ কাৰিকৰী দিশসমূহ পৰীক্ষা কৰি থাকিবলৈ কোনোৱে নাপাহৰে। কিয়নো যানবাহনৰ কাৰিকৰী দিশ আৰু সকলো নথিপত্ৰ সঠিক হৈ থাকিলেহে সুৰক্ষিত যাতায়াত সম্ভৱ হ’ব। তদুপৰি কাৰিকৰী তথা যান্ত্ৰিকভাৱে সম্পূৰ্ণ সক্ষম হৈ থকাৰ পিছতো কোনো বাহনৰ যদি নথিপত্ৰ সঠিক হৈ নাথাকে তেন্তে সেই বাহনক “বৈধ” বাহন বুলি কোৱা নহয়। এনে বাহনত যাতাযাত কৰাটো অতি ভয়ংকৰ । সেয়ে চলিত অক্টোবৰ মাহৰ বিশেষ সেৱা মাহৰ কাৰ্যসূচীত ব্যক্তিগত, বাণিজ্যিক, বহুজাতিক আৰু নিৰ্মান প্ৰতিষ্ঠানত ব্যৱহৃতকে ধৰি সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক অক্টোৱৰ মাহৰ ভিতৰত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ যানবাহন বিষয়ক সকলো নথিপত্ৰ সঠিক কৰি ল’বলৈ আহ্বান জনোৱা হৈছে । নথিপত্ৰ সঠিক কৰিব পৰাকৈ কোনোৱে যদি এতিয়ায়ো যানবানৰ কৰ পৰিশোধ কৰিবলগীয়া হৈ আছে তেন্তে তেওঁলোকক অনতিপলমে বকেয়াসহ সকলো যাৱতীয় কৰ আদায় দি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি পথৰ সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ বিনম্ৰতাৰে আহ্বান জনোৱা হৈছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...