অন্ধবিশ্বাস! নদীত উটুৱালে ২৫ বছৰে বনকৰা লোকক

মানুহ কিমান অধম হ’ব পাৰে? কিমান অধম হ’লে মানুহে সংঘটিত কৰিব পাৰে এনে ঘটনা? বিজ্ঞানে বহু দূৰ আগুৱাই নিলেও হাজাৰ যোজন পিছতেই যেন পিছ পৰি ৰৈছে মানৱ সমাজ। এইবাৰৰ ঘটনাই তাকেই প্ৰমাণ কৰিলে। ক’লা যাদু কৰাৰ সন্দেহতেই হত্যা কৰি নদীত উটুৱাই দিলে ২৫ বছৰে বনকৰা হিচাপে থকা এজন লোকক।

একবিংশ শতিকাৰ ভয়ংকৰ এক ঘটনা। শিৱসাগৰৰ হাঁহচৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি হাঁহচৰাৰ বলিন গগৈ নামৰ লোকজনৰ ঘৰত প্ৰায় ২৫ বছৰে বনকৰা হিচাপে আছিল হৰি মুণ্ডা নামৰ লোকজন। গৌৰাংগই সন্দেহ কৰিছিল যে, ৫২ বছৰীয়া হৰি মুন্দাই তেওঁৰ ওপৰত ক’লা যাদু কৰিছিল। সেই সন্দেহৰ বাবেই বৃহস্পতিবাৰে সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা সেই ঘটনা। ক’লা যাদু কৰাৰ সন্দেহতেই গৌৰাংগই বৃহস্পতিবাৰৰ নিশা দাৰে ঘপিয়াই হত্যা কৰিলে লোকজনক। কেৱল সেয়াই নহয় হত্যা কৰি লোকজনৰ মৃতদেহ উটুৱাই দিলে দিখৌ নৈত। প্ৰথমে হীৰা মুণ্ডা নিখোজ হোৱা বুলি চৰ্চা হৈছিল যদিও পিছত আৰক্ষীয়ে গৌৰাংগ নামৰ যুৱকজনক জেৰা কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা। ঘটনা পোহৰলৈ অহাৰ পিছতে শিৱসাগৰৰ হাঁহচৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ। সমগ্ৰ ঘটনা সংঘটিত কৰি পিন্ধি থকা পোছাকযোৰ গৌৰাংগই পেলাই দিছিল এটা পুখুৰীত। কেমেৰাৰ সন্মুখতে পোছাক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আনফালে এতিয়াও উদ্ধাৰ হোৱা নাই লোকজনৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...