বাই-ছাই-আৰ ই চিৰ উদ্যোগত প্ৰশিক্ষক বিকাশ কাৰ্যসূচীৰ সফল সামৰণি

নতুন দিল্লী, ৫ জুলাই : ভাৰতীয় বেডমিণ্টন সন্থা [বাই]ই আৰ ই চি লিমিটেড আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ সহযোগত তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকক উপকৃত কৰাৰ লক্ষ্যৰে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক বিকাশ কাৰ্যসূচীৰ আজি সফলতাৰে সম্পন্ন হয়৷ যোৱা ২৫ জুনৰ পৰা আৰম্ভ হোৱা ১১ দিনীয়া এই প্ৰশিক্ষক বিকাশ কাৰ্যসূচীৰ আজি সামৰণি অনুষ্ঠানত বিশ্ব বেডমিণ্টন দিৱসো উদযাপন কৰা হয়৷

উল্লেখ্য যে অসমৰ গুৱাহাটীত থকা বাইৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ [এন চি ই] আৰু ছত্তীশগড়ৰ ৰায়পুৰত একেলগে অনুষ্ঠিত হোৱা এই শিবিৰত ভাৰতৰ ২২ খন ৰাজ্যৰ মুঠ ৫৩ জন তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকে অংশগ্ৰহণ কৰি কৌশলগত দিশ তথা আধুনিক পদ্ধতিৰ প্ৰশিক্ষণ দিশবোৰ আয়ত্ব কৰে৷ আজি সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আৰ ই চি ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক তৰুণা গুপ্তা৷ এই কৌশলগত পদক্ষেপে প্ৰশিক্ষকৰ অনুশীলনত নতুনত্ব অনাৰ লগতে দেশৰ সম্ভাৱ্য নতুন বেডমিণ্টন তাৰকাসকক এক শক্তিশালী আৰম্ভনি দিব বুলি আশা কৰা হৈছে৷

শিবিৰ সম্পৰ্কত ভাৰতীয় বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই কয় ‘প্ৰাথমিক পৰ্যায়ত প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশ কৰাত তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এই কাৰ্যসূচীয়ে তেওঁলোকক সম্ভাৱ্য তাৰকা চিনাক্ত কৰিবলৈ আৰু তেওঁলোকৰ বিকাশৰ ভেটি স্থাপন কৰিবলৈ নতুন কৌশল তথা মানসিক উৎকৰ্ষ সাধন কৰিব৷ আমাৰ এই পদক্ষেপত আৰ ই চি আৰু ছাইয়ে সহায় কৰাৰ বাবে আমি ধন্যবাদ জনাইছো৷’

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সন্থাই যোৱা মাৰ্চ মাহৰ আৰম্ভণিতে দেশৰ চাৰিখন চহৰ ক্ৰমে বেংগালুৰু, হায়দৰাবাদ, ৰায়পুৰ আৰু গুৱাহাটীত একেলগে একেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল৷ এই শিবিৰত ভাৰতৰ কেবাজনো প্ৰাক্তন খেলুৱৈকে ধৰি প্ৰায় এশ গৰাকী নতুন প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল৷ অংশগ্ৰহণকাৰী প্ৰশিক্ষকসকলে তেওঁলোকৰ মতামত দিয়াৰ পাছতে বাই, ছাই আৰু আৰ ই চিয়ে একলগ হৈ এই কাৰ্যসূচী ব্যাপক ৰূপত সমগ্ৰ দেশতে সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰৰ লাংখোত NSCN-K (YA) কমাণ্ডাৰৰ বাসগৃহত ড্ৰোন আক্ৰমণ

ম্যানমাৰৰ লাংখোত NSCN-K (YA) কমাণ্ডাৰৰ বাসগৃহত ড্ৰোন আক্ৰমণ। আক্ৰমণত...

প্ৰসংগঃ জুবিন গাৰ্গ হত্যাৰ গোচৰ। আজি অষ্টমজন প্ৰবাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে...

প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।...

কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে...