অন্ধবিশ্বাস! নদীত উটুৱালে ২৫ বছৰে বনকৰা লোকক

মানুহ কিমান অধম হ’ব পাৰে? কিমান অধম হ’লে মানুহে সংঘটিত কৰিব পাৰে এনে ঘটনা? বিজ্ঞানে বহু দূৰ আগুৱাই নিলেও হাজাৰ যোজন পিছতেই যেন পিছ পৰি ৰৈছে মানৱ সমাজ। এইবাৰৰ ঘটনাই তাকেই প্ৰমাণ কৰিলে। ক’লা যাদু কৰাৰ সন্দেহতেই হত্যা কৰি নদীত উটুৱাই দিলে ২৫ বছৰে বনকৰা হিচাপে থকা এজন লোকক।

একবিংশ শতিকাৰ ভয়ংকৰ এক ঘটনা। শিৱসাগৰৰ হাঁহচৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি হাঁহচৰাৰ বলিন গগৈ নামৰ লোকজনৰ ঘৰত প্ৰায় ২৫ বছৰে বনকৰা হিচাপে আছিল হৰি মুণ্ডা নামৰ লোকজন। গৌৰাংগই সন্দেহ কৰিছিল যে, ৫২ বছৰীয়া হৰি মুন্দাই তেওঁৰ ওপৰত ক’লা যাদু কৰিছিল। সেই সন্দেহৰ বাবেই বৃহস্পতিবাৰে সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা সেই ঘটনা। ক’লা যাদু কৰাৰ সন্দেহতেই গৌৰাংগই বৃহস্পতিবাৰৰ নিশা দাৰে ঘপিয়াই হত্যা কৰিলে লোকজনক। কেৱল সেয়াই নহয় হত্যা কৰি লোকজনৰ মৃতদেহ উটুৱাই দিলে দিখৌ নৈত। প্ৰথমে হীৰা মুণ্ডা নিখোজ হোৱা বুলি চৰ্চা হৈছিল যদিও পিছত আৰক্ষীয়ে গৌৰাংগ নামৰ যুৱকজনক জেৰা কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা। ঘটনা পোহৰলৈ অহাৰ পিছতে শিৱসাগৰৰ হাঁহচৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ। সমগ্ৰ ঘটনা সংঘটিত কৰি পিন্ধি থকা পোছাকযোৰ গৌৰাংগই পেলাই দিছিল এটা পুখুৰীত। কেমেৰাৰ সন্মুখতে পোছাক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আনফালে এতিয়াও উদ্ধাৰ হোৱা নাই লোকজনৰ মৃতদেহ।

Popular

More like this
Related

৩১ মাৰ্চ সমাগত! কৰফাঁকি দি সাৰি যাব নোৱাৰে কোনো বাহন

সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত শীঘ্ৰে যান-বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লওক চলিত...

এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা

বন ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। এজোপা গছ কটাৰ...

দ্ৰুতগতিত হ্ৰাস চীনৰ জনসংখ্যা

কেইটামান বছৰৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল চীন।...

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ...