অন্ধবিশ্বাস! নদীত উটুৱালে ২৫ বছৰে বনকৰা লোকক

মানুহ কিমান অধম হ’ব পাৰে? কিমান অধম হ’লে মানুহে সংঘটিত কৰিব পাৰে এনে ঘটনা? বিজ্ঞানে বহু দূৰ আগুৱাই নিলেও হাজাৰ যোজন পিছতেই যেন পিছ পৰি ৰৈছে মানৱ সমাজ। এইবাৰৰ ঘটনাই তাকেই প্ৰমাণ কৰিলে। ক’লা যাদু কৰাৰ সন্দেহতেই হত্যা কৰি নদীত উটুৱাই দিলে ২৫ বছৰে বনকৰা হিচাপে থকা এজন লোকক।

একবিংশ শতিকাৰ ভয়ংকৰ এক ঘটনা। শিৱসাগৰৰ হাঁহচৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি হাঁহচৰাৰ বলিন গগৈ নামৰ লোকজনৰ ঘৰত প্ৰায় ২৫ বছৰে বনকৰা হিচাপে আছিল হৰি মুণ্ডা নামৰ লোকজন। গৌৰাংগই সন্দেহ কৰিছিল যে, ৫২ বছৰীয়া হৰি মুন্দাই তেওঁৰ ওপৰত ক’লা যাদু কৰিছিল। সেই সন্দেহৰ বাবেই বৃহস্পতিবাৰে সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা সেই ঘটনা। ক’লা যাদু কৰাৰ সন্দেহতেই গৌৰাংগই বৃহস্পতিবাৰৰ নিশা দাৰে ঘপিয়াই হত্যা কৰিলে লোকজনক। কেৱল সেয়াই নহয় হত্যা কৰি লোকজনৰ মৃতদেহ উটুৱাই দিলে দিখৌ নৈত। প্ৰথমে হীৰা মুণ্ডা নিখোজ হোৱা বুলি চৰ্চা হৈছিল যদিও পিছত আৰক্ষীয়ে গৌৰাংগ নামৰ যুৱকজনক জেৰা কৰাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা। ঘটনা পোহৰলৈ অহাৰ পিছতে শিৱসাগৰৰ হাঁহচৰাত সৃষ্টি হৈছে চাঞ্চল্যৰ। সমগ্ৰ ঘটনা সংঘটিত কৰি পিন্ধি থকা পোছাকযোৰ গৌৰাংগই পেলাই দিছিল এটা পুখুৰীত। কেমেৰাৰ সন্মুখতে পোছাক উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আনফালে এতিয়াও উদ্ধাৰ হোৱা নাই লোকজনৰ মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...