অকলশৰীয়া দম্পতীৰ সৈতে শিহৰণকাৰী ঘটনা। হাত–ভৰি বান্ধি ডকাইতি, গৃহস্থক নৃশংস হত্যা। স্বামী হত্যাৰ দৃশ্য চাই থাকিবলগীয়া হ’ল অসহায় পত্নীয়ে।
ঘটনা নলবাৰীৰ মহখলিৰ। নিশা টিভি চাই ভাত খাবলৈ লৈছিল নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী। নিশা প্ৰায় ৯.৪৫ বজাৰ ঘটনা। অকলশৰে থকা বৃদ্ধ দম্পতীটোৰ ঘৰত প্ৰৱেশ কৰে মাস্ক পৰিহিত ৩ যুৱকে। দুই স্বামী–স্ত্ৰীৰ হাত-ভৰি বান্ধি দৰৱেৰে সংজ্ঞাহীন কৰি পেলায়। তাৰ পাছতেই ঘৰটোত লুটপাত আৰম্ভ কৰে দলটোৱে। কিন্তু বৃদ্ধাগৰাকী সম্পূৰ্ণ অচেতন হোৱা নাছিল। হাত–ভৰি বন্ধা অৱস্থাতেই ৩ জনীয়া ডকাইতৰ দলটোৰ সমগ্ৰ কাৰ্মকাণ্ড চাই গৈছিল মহিলাগৰাকীয়ে।
ডকাইতে লুটপাত কৰি থাকোতেই সংজ্ঞা ঘূৰাই পাইছিল প্ৰমোদ বৰ্মনে। মুখ–হাত–ভৰি বন্ধা অৱস্থাতেই চিঞৰাৰ চেষ্টা কৰিছিল তেওঁ। তেতিয়াই ডকাইতৰ দলটোৱে প্ৰমোদ বৰ্মনক হত্যা কৰে। শুকুৰবাৰে নিশা নলবাৰীৰ মহখলিত সংঘটিত হোৱা লোমহৰ্ষক ঘটনাৰ এই শিহৰণকাৰী বৰ্ণনা দিলে প্ৰমোদ বৰ্মনৰ পত্নীয়ে। ডকাইতে গামোচাৰে চেপি, গছকি গছকি হত্যা কৰিছিল প্ৰমোদ বৰ্মনক।
প্ৰকাণ্ড ঘৰটোত অকলশৰে থাকিছিল প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী। কৰ্মসূত্ৰে পুত্ৰ পৰিয়ালসহ থাকে নলবাৰী টাউনত। বিয়াৰ পাছত কন্যা থাকে স্বামীগৃহত। অৱশ্যে সপ্তাহৰ শনি দেওবাৰে মাক-দেউতাকৰ ওচৰলৈ যায় পুত্ৰ। সপ্তাহটোৰ অন্য সময়ত অকলশৰেই ঘৰটোত থাকে বৃদ্ধ দম্পতী। সম্ভৱতঃ এই সমগ্ৰ কথা জানিছিল ডকাইতৰ দলটোৱে। হয়তো ঘৰটোলৈও আহ-যাহ আছিল দুৰ্বৃত্তৰ। হত্যাৰ বলি প্ৰমোদ বৰ্মনৰ পত্নীয়ে দিয়া ভাষ্য অনুসৰি খুব অনায়াসেই লুটপাত কৰিছিল ডকাইতৰ দলটোৱে, যেন ঘৰখন চিনাকী আছিল। এই ঘটনাই নিশাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ চাঞ্চল্যৰ। নিশাই প্ৰতিবেশীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।
ডকাইতে কৰি থৈ যোৱা এই লোমহৰ্ষক হত্যাৰ ঘটনাৰ ফলত শনিবাৰে সমগ্ৰ দিনজুৰি অঞ্চলটোত বিৰাজ কৰে চেপা উত্তেজনাই। শনিবাৰে CID আৰু ফৰেনছিকৰ দলে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰে সকলো তথ্য–প্ৰমাণ। আৰক্ষীৰ আশা– শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব ডকাইতৰ দলৰ সদস্য। কিন্তু ঘটনাই জোকাৰি যোৱা ৰাইজ শংকিত হৈ পৰিছে নিজৰ নিৰাপত্তাক লৈ।
