নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা

নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা দুৰ্বৃত্তৰ অতৰ্কিতে আক্ৰমণ ওবাইদুৰ ৰহমান নামৰ লোকজনৰ ভাড়াঘৰত। হাতে হাতে দা-যাঠী লৈ প্ৰৱেশ ভূ-মাফিয়াৰ এটা দল। ভাড়াঘৰত থকা এটা পৰিয়ালক আক্ৰমণ ভূ-মাফিয়াৰ দলৰ। দলটোৱে এফালৰ পৰা লণ্ড-ভণ্ড কৰে ভাড়াতীয়া নগেন শইকীয়াৰ ঘৰ। উদণ্ড লোকে ভাঙি পেলাই চৌহদত থকা CCTV কেমেৰা, মনিটৰ। লুটিলে বহু মূল্যৱান সামগ্ৰীও। সোণৰ অলংকাৰো কাঢ়ি নিয়াৰ অভিযোগ ভুক্তভোগীৰ। ভূ-মাফিয়াৰ আক্ৰমণত আহত হয় অনিমা শইকীয়া আৰু নগেন শইকীয়া। ভুক্তভোগীৰ অভিযোগ খালেদা বেগম নামৰ মহিলা গৰাকীৰ নেতৃত্বত চলে এই আক্ৰমণ।

ঘৰৰ গৰাকী ওবাইদুৰ ৰহমান থাকে ভাড়াঘৰটোৰ কিছু নিলগত। ভূমি সংক্ৰান্তীয় কিছু বিবাদ চলি আছে খালেদা বেগম আৰু ওবাইদুৰ ৰহমানৰ মাজত। তাৰেই পৰিণতি এই আক্ৰমণ। ঘটনাৰ খবৰ পাই ওবাইদুৰ ৰহমান আৰক্ষীক লৈ উপস্থিত হয় ঘটনাস্থলীত। ইপিনে আৰক্ষী উপস্থিত হোৱাৰ লগে লগে একাংশ আক্ৰমণকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। যদিও আৰক্ষীয়ে আটক কৰে অভিযুক্ত খালেদা বেগম আৰু এজন আক্ৰমণকাৰীক।

পলাতক দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। কিন্তু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...