একেটা পৰিয়ালৰে ৪জনকৈ লোকক হত্যা

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ ৪জনক হত্যা। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ বৃহৎ দল। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই। ঘৰত সোমাই ডিঙি কাটি হত্যা চাৰিওকে। নিহত পিতৃ ঘনুধৰ সৰকাৰ, মাতৃ সৰোজনী সৰকাৰ, কন্যা জয়াস্মৃতা সৰকাৰ। আৰু এজন যুৱককো হত্যা কৰে দুৰ্বৃত্তই। চিনাক্ত হোৱা নাই নিহত যুৱকজন। ঘটনাৰ সময়ত পৰিয়ালটোৰ ডাঙৰ জী নৱস্মৃতা সৰকাৰ গৈছিল বজাৰলৈ। বুধবাৰে বিয়া আছিল ডাঙৰ জী নৱস্মৃতাৰ। পৰিয়ালটোৰ পিতৃ জলজীৱন আঁচনিৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...