বিবাহ বিচ্ছেদ ঘটিল এ. আৰ. ৰহমান আৰু ছাইৰা বানুৰ

অন্ত পৰিল ২৯ বছৰীয়া বৈবাহিক জীৱন। বিবাহ বিচ্ছেদ ঘটিল এ. আৰ. ৰহমান আৰু ছাইৰা বানুৰ।

পত্নী ছাইৰা বানুৰে পৃথকে থকাৰ সিদ্ধান্ত ল’লে সংগীতৰ কিংবদন্তী এ আৰ ৰহমানে। অধিবক্তাই ঘোষণা কৰিলে দুয়োৰে বিবাহ বিচ্ছেদৰ কথা। ইপিনে এদিন পিছতে বিবাহ বিচ্ছেদ ৰহমানৰ গীটাৰিষ্ট মোহিনী দেৰ। স্বামী মাৰ্ক হাৰ্টছুচৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা মোহিনীৰো।

বিশ্বজুৰি ৪০ টাতকৈও অধিক অনুষ্ঠানত এ. আৰ ৰহমানৰ সৈতে ষ্টেজত অনুষ্ঠান কৰিছে মোহিনীয়ে। মোহিনীৰ বিবাহ বিচ্ছেদ ঘোষণাৰ পিছতে নেটিজেনৰ মাজত প্ৰচাৰ হৈছে দুয়োৰে মাজৰ প্ৰেম সম্পৰ্কীয় উৰাবাতৰি। কিন্তু এই উৰাবাতৰি নসাৎ কৰিছে এ. আৰ ৰেহমানৰ অধিবক্তা বন্দনা শ্বাহে। দুয়োটা বিবাহ বিচ্ছেদৰ মাজত নাই কোনো সম্পৰ্ক!

ব্যক্তিগত কাৰণতে নিজ-নিজ বিবাহ-বিচ্ছেদৰ সিদ্ধান্ত লৈছে এ. আৰ ৰহমান আৰু মোহিনীয়ে। আনহাতে বহুদিনীয়া গুণাগঁঠাৰ অন্ততহে ২৯ বছৰীয়া বৈবাহিক জীৱনৰ অন্তঃ পেলাইছে এ. আৰ ৰেহমান আৰু ছাইৰা বানুৱে। অধিবক্তা বন্দনা শ্বাহৰ মতে এটা সৌহাদ্যপূৰ্ণ বিবাহ বিচ্ছেদ হ’ব এ. আৰ. ৰেহমান আৰু ছাইৰা বানুৰ। আৱেগিক প্ৰত্যাহ্বানৰ ওপৰত ভিত্তি কৰিয়েই বিশ্ববিখ্যাত শিল্পীজনে লৈছে বিচ্ছেদৰ সিদ্ধান্ত। বিচ্ছেদ সন্দৰ্ভত দুয়োৰে মাজত হোৱা নাই কোনোধৰণৰ আৰ্থিক বিষয়ৰো আলোচনা।

৩ সন্তানৰ পিতৃ-মাতৃ এ. আৰ ৰেহমান আৰু ছাইৰা বানু। পিতৃ-মাতৃৰ বিচ্ছেদত কষ্ট পাইছে কন্যা ৰহিমাই। মাক-দেউতাকৰ বিচ্ছেদৰ পিছতে নিজৰ ইনষ্টাগ্ৰামত এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছে ৰহিমাই। প’ষ্টটোত এখন শান্তিপূৰ্ণ ফটো শ্বেয়াৰ কৰিছে ৰহিমাই। ৰহিমাই লিখিছে, প্ৰতিটো কষ্টৰ মাজেৰে সুখৰ পথো থাকে। ভগৱানে আপোনালোকক সহায় কৰক, আপোনালোক সুখী হওক।

দীৰ্ঘদিনীয়া সাংসাৰিক বান্ধোন, তিনিটাকৈ সন্তান, বিশ্বজুৰি লাভ কৰা গ্লেমাৰ। কিন্তু কিয় ৫৭ বছৰ বয়সত বিবাহ বিচ্ছেদ বিচাৰিলে অস্কাৰ বিজয়ী শিল্পীজনে? মিছা মাতিছে নেকি ৰেহমানৰ অধিবক্তা বন্দনা শ্বাহে? বেছিষ্ট মোহিনী দেৰ সৈতে সঁচাই প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে নেকি এ. আৰ. ৰেহমানৰ? এতিয়া এনেবোৰ চৰ্চাই স্থান পাইছে নেটিজেনৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...