মৰিয়নিৰ সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন আজিৰ কথা নহয়। দীৰ্ঘদিনে অঞ্চলটোত বসবাস কৰা অসমীয়ালোকৰ ওপৰত নগা দুৰ্বৃত্তই চলাই আহিছে চৰম অত্যাচাৰ। কেতিয়াবা যদি অসমীয়াৰ চাহগছ কাটি তহিলং কৰিছে, কেতিয়াবা বলপূৰ্বক লৈ গৈছে পোহনীয়া জীৱ–জন্তু। দেওবাৰে পুনৰ নাগাজাংকা উদয়পুৰত অসমীয়াৰ পোহনীয়া গৰুক গুলীয়াই সন্ত্ৰাস চলাই নগা দুৰ্বৃত্তই। সুনিল চাওঁৰা নামৰ এজনলোকৰ পশুধনক লক্ষ্য কৰি গুলীবৰ্ষণ নগা দুৰ্বৃত্তৰ। ৩০–৩৫টা গুলীয়ে থকাসৰকা কৰে এটা গৰুক। এটা গৰুক গুলীয়াই চুৰি কৰি লৈ গ’ল গাঁওবাসীৰ কেইবাটাও গৰু।

পিছত ঘটনাস্থলীত অসমৰ আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হয় যদিও নগা দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাত সফল নহ’ল। কেৱল গুলীবিদ্ধ গৰুটোৰ চিকিৎ‍সাত কিছু সহায় কৰাতে দায়িত্ব শেষ বুলি ভাবিলে প্ৰশাসনে। এইবাৰেই প্ৰথম নহয়, পূৰ্বেও উদয়পুৰ গাঁৱত কেইবাটাও গৰুক গুলীয়াই সন্ত্ৰাস চলাইছিল নগাই। তথাপি আজিলৈ তাৰ কোনো ব্যৱস্থাই ল’ব নোৱাৰিলে অসমৰ প্ৰশাসনে। ফলত এতিয়া প্ৰাণৰ শংকাত ভোগা মৰিয়নিৰ সীমান্তবাসীয়ে আতংকত অতিবাহিত কৰিবলগীয়া হৈছে প্ৰতিটো দিন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...