নাই সাংকেতিক চিহ্ন! মথাউৰিৰ দ’ গাঁতত সোমাই সন্ধানহীন বাইক আৰোহী

দেওবাৰে সন্ধিয়া কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ভগ্ন মথাউৰিৰ দ’ গাঁতত সোমাল বাইক আৰোহী। কলিয়াবৰৰ হাতীমূৰাৰ মাথাউৰিত অঘটন। বৰ্তমানেও সন্ধানহীন বাইক আৰোহী। সন্ধানহীন বাইক আৰোহীজন ৰাঙলু পাহাৰগুৰিৰ অজয় সিং। পৰৱৰ্তী সময়ত স্থানীয় লোকে অভিযান চলাই উদ্ধাৰ কৰে বাইকখন। এপাত জোতাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে। ঘটনাস্থলীত নিশা উপস্থিত জখলাবন্ধা আৰক্ষীৰ লগতে SDRF, NDRF। নিশাৰ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হয়। হাতীমূৰাত জন্মদিন খাই ঘৰলৈ উভতিছিল যুৱকজন। সাংকেতিক চিহ্ন নথকাৰ বাবে এই দুৰ্ঘটনাৰ অভিযোগ স্থানীয় লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...