জোনাইৰ দুই কণমানিৰ মৃত্যু কেনেকৈ?

জোনাইৰ দুই কণমানিৰ মৃত্যু কেনেকৈ? ৭ বছৰীয়া হীৰা পেগু আৰু ৯ বছৰীয়া জিৰি কুলিৰ মৃত্যুক লৈ শোক। ঘটনাৰ তথ্য আহৰণ কৰিবলৈ মিলনপুৰত ফৰেণছিকৰ দল।

যোৱা বৃহস্পতিবাৰৰ পৰা চাঞ্চল্যৰ সৃষ্টি হৈছিল ধেমাজি জিলাৰ জোনাইৰ ১ নং মিলনপুৰত। একেখন গাঁৱৰে দুই কন্যা শিশু দিনৰ আঢ়ৈমান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছিল। বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ পোৱা নাছিল পৰিয়ালে। শুকুৰবাৰে বিয়লি কান্দোনৰ ৰোল উঠিল গাঁওখনত। নিৰুদ্দিষ্ট দুই কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হ’ল। এটা পুখুৰীৰ পাৰত বালিত পোত খাই থকা অৱস্থাত উদ্ধাৰ ৭ বছৰীয়া হীৰা পেগু আৰু ৯ বছৰীয়া জিৰি কুলি বুলিৰ মৃতদেহ। সন্দেহ কৰা হৈছে গৰা খহি মাটিয়ে হেঁচা মাৰি ধৰাৰ ফলত মৃত্যু হ’ল শিশু দুটিৰ।

বিচাৰ-খোচাৰ কৰি আছিল ৰাইজে। সন্দেহ উপজাত সেই নিৰ্দিষ্ট স্থানত মাটি খান্দিছিল একাংশই। তেতিয়াই ওলাইছিল এটি শিশুৰ এপাত চেণ্ডেল। তাৰ পাছতে মাটিৰ তলত উদ্ধাৰ হৈছিল মৃতদেহ দুটা। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ফৰেণছিকৰ দল। আৰম্ভ কৰিছে ঘটনাৰ তদন্ত
এয়া সঁচাকৈ দুৰ্ঘটনানে? নে কোনো দুৰ্বৃত্তই হত্যা কৰিলে দুই শিশুক। সমগ্ৰ ঘটনাক লৈ এতিয়া ঘনীভূত হৈছে ৰহস্য। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...