খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেল অনুষ্ঠিত হোৱাৰ পাছত মাকুমে গ্ৰুপ ‘এ’ৰ শীৰ্ষ দল হিচাপে তথা নগাঁও দলে গ্ৰুপ ‘বি’ৰ শ্ৰেষ্ঠ হৈ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

কাইলৈ পূৱা ৯.৩০ বজাত ফাইনেল খেলখন অনুষ্ঠিত হ’ব আৰু মেচৰ অন্তত অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই চেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰিব বুলি অসম হকীৰ সম্পাদক তপন দাসে জনাইছে৷ ইফালে, ফাইনেল মেচৰ পূৰ্বে তৃতীয়স্থান নিৰ্ধাৰণকাৰী খেলখন পূৱা আঠ বজাত অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এ’ আৰু ‘বি’ৰ দ্বিতীয় স্থানত থকা দল নাহৰকটীয়া আৰু তেজপুৰৰ মাজত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ছোৱালীৰ জুনিয়ৰ শাখাৰ লগতে¸ ছাব-জুনিয়ৰৰ খেলো অনুষ্ঠিত হৈছে৷ কাইলৈ আবেলিৰ পৰা ছাব-জুনিয়ৰৰ লীগৰ খেল অনুষ্ঠিত হ’ব৷ জুনিয়ৰ শাখাৰ দৰে ছাব-জুনিয়ৰ শাখাতো আঠটা দলে অংশগ্ৰহণ কৰিছে৷ দুটা গ্ৰুপত দলকেইটাক ভাগ কৰি শীৰ্ষ দুটাই অহা ২৬ মাৰ্চত ফাইনেল খেলিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...