কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ?

কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ? সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ কেতিয়াবা ওৰ পৰিবনে? ২০২০ চনৰ ১৪ জুন। মুম্বাইৰ বান্দ্ৰাত থকা নিজৰ এপাৰ্টমেণ্টৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তক। তাৰ পিছত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ পৰিয়ালো এই গোচৰত অভিযুক্ত হৈ পৰিছিল। ৫ বছৰৰ পিছত ক্লীন চিট দিলে ৰিয়া চক্ৰৱৰ্তীক। চিবিআইৰ আদালতে সুশান্তৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৰিয়া চক্ৰৱৰ্তীক ক্লীন চিট দিলে ৰিয়াক। চিবিআইৰ তদন্তৰ প্ৰতিবেদনক প্ৰশংসা কৰিছে ৰিয়াৰ অধিবক্তা সতীশ মানেসিন্দেই। ইয়াৰ লগে লগে হয়তো বন্ধ হ’ব বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰ! চিবিআইয়ে ইতিমধ্যে মুম্বাই আদালতত গোচৰটো বন্ধৰ প্ৰতিবেদন দাখিল কৰিছে। ৰহস্যজনক মৃত্যুৰ গোচৰত চিবিআইৰ চূড়ান্ত প্ৰতিবেদনত অভিনেতাজনৰ মৃত্যুৰ প্ৰকৃত কাৰণত অভিনেতাজনে নিজকে শেষ কৰা বুলি কোৱা হৈছিল। চিবিআইয়ে সুশান্তক কোনোবাই জোৰ কৰি বা কাৰোবাৰ প্ৰৰোচনাত নিজকে শেষ কৰাৰ কোনো প্ৰমাণ পোৱা নাই। ক্লিন চিট লাভৰ পাছতে ৰিয়াই ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে। আগন্তুক শ্ব’ এমটিভি ৰ’ডিজৰ কিছু ফটো পোষ্ট কৰি বেকগ্ৰাউণ্ডত চেটিস্ফাইড নামৰ এটা বিশেষ গীত বজোৱা দেখা গৈছে। মন কৰিবলগীয়া যে, এই ৰায়দানৰ পিছত সুশান্তৰ পৰিয়ালে মুম্বাই আদালতত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। এইমছৰ বিশেষজ্ঞৰ সহায়ত চিবিআইয়ে সুশান্তৰ মৃত্যু আৰু ফাউল প্লে কেছৰ তদন্ত কৰিছিল। এইমছৰ ফৰেনছিক দলে কোনো ধৰণৰ ফাউল প্লে নুই কৰিছিল। কিন্তু সুশান্তৰ পৰিয়ালে আজিও সহজভাৱে লব পৰা নাই সমগ্ৰ ঘটনা। ইফালে আদালতৰ ৰায়দানৰ পিছতে ৰিয়াক অনুৰাগীসকলে অভিনন্দন জনাইছে। পিছে যি কাৰণতে মৃত্যু নহওক, সুশান্তৰ অকাল বিয়োগে বলীউডৰ লগতে দেশবাসীয়ে এজন প্ৰতিভাসম্পন্ন অভিনেতাক হেৰুৱালে। সুশান্তৰ আকস্মিক মৃত্যু আজিও যেন সাংস্কৃতিক জগতৰ বাবে এক পাহৰিব নোৱাৰা ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...