শোকাৱহ ঘটনাই জোকাৰিছে গুৱাহাটীৰ হেঙেৰাবাৰী

গুৱাহাটীৰ হেঙেৰাবাৰীত শোকাৱহ ঘটনা। ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৯৮ বছৰীয়া বৃদ্ধই। হেঙেৰাবাৰীৰ মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা। জুইৰ লেলিহান শিখাত নিমিষতে ভস্মীভূত এটা বাসগৃহ।
অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকজন ধেমাজিৰ ধৰ্মেশ্বৰ বণিয়া। চিকিত্সাৰ বাবে ৭ মাহ ধৰি জীয়ৰীৰ ভাড়াঘৰত আছিল লোকজন। দুৰ্ঘটনাৰ সময়ত নাতিনীয়েকৰ সৈতে আছিল লোকজন। সেই সময়ত জীয়ৰী কামৰ বাবে ওলাই গৈছিল ঘৰৰ পৰা। প্ৰাৰ্থনাৰ চাকি বন্তি জ্বলাওতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। নিতৌ পুৱা ধূপ, চাকি–বন্তি জ্বলাইছিল বৃদ্ধ লোকজনে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় আছাম টাইপৰ ঘৰটো। ভস্মীভূত হয় মটৰচাইকেল, স্কুটীসহ চাৰিচকীয়া কেইবাখনো বাহন। বহু চেষ্টাৰ মূৰত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই। ঘটনা সন্দৰ্ভত বৃদ্ধ লোকজনৰ পৰিয়াল কাষ চাপিছে আৰক্ষীৰ। ইতিমধ্যে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে দিছপুৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...