শোকাৱহ ঘটনাই জোকাৰিছে গুৱাহাটীৰ হেঙেৰাবাৰী

গুৱাহাটীৰ হেঙেৰাবাৰীত শোকাৱহ ঘটনা। ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৯৮ বছৰীয়া বৃদ্ধই। হেঙেৰাবাৰীৰ মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা। জুইৰ লেলিহান শিখাত নিমিষতে ভস্মীভূত এটা বাসগৃহ।
অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকজন ধেমাজিৰ ধৰ্মেশ্বৰ বণিয়া। চিকিত্সাৰ বাবে ৭ মাহ ধৰি জীয়ৰীৰ ভাড়াঘৰত আছিল লোকজন। দুৰ্ঘটনাৰ সময়ত নাতিনীয়েকৰ সৈতে আছিল লোকজন। সেই সময়ত জীয়ৰী কামৰ বাবে ওলাই গৈছিল ঘৰৰ পৰা। প্ৰাৰ্থনাৰ চাকি বন্তি জ্বলাওতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। নিতৌ পুৱা ধূপ, চাকি–বন্তি জ্বলাইছিল বৃদ্ধ লোকজনে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় আছাম টাইপৰ ঘৰটো। ভস্মীভূত হয় মটৰচাইকেল, স্কুটীসহ চাৰিচকীয়া কেইবাখনো বাহন। বহু চেষ্টাৰ মূৰত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপণ কৰে জুই। ঘটনা সন্দৰ্ভত বৃদ্ধ লোকজনৰ পৰিয়াল কাষ চাপিছে আৰক্ষীৰ। ইতিমধ্যে ঘটনাস্থলী পৰ্যবেক্ষণ কৰিছে দিছপুৰ আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে...

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...