কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক… উত্তৰ প্ৰদেশ, বিহাৰ নাইবা আন কোনো ঠাইত নহয়, ‘ব্ন্ধুত্ব’ৰ সম্পৰ্কত কালিমা সনা এক ঘটনা সংঘটিত হ’ল এইখন অসমত। ১৯ জানুৱাৰীত সংঘটিত হোৱা এই ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ক্ৰমে অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱসিত হোৱা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ কামৰ চলেৰে বন্ধুৱে গুৱাহাটীলৈ আনি হত্যা কৰিলে বন্ধুক। মৰিগাঁৱৰ সঞ্জীৱ নাথ নামৰ লোকজনক কাম কৰিবলৈ গুৱাহাটীলৈ মাতি আনি হত্যা কৰিলে তেওঁৰেই ২বন্ধুৱে। প্ৰহ্লাদ নাথ আৰু আনন্দ দাস নামৰ লোক দুজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ সঞ্জীৱ নাথৰ পৰিয়ালৰ।

উল্লেখ্য যে ১৭ জানুৱাৰীত কামৰ সন্ধানত দুই বন্ধুৱে গুৱাহাটীলৈ লৈ আহিছিল সঞ্জীৱক। উজান বজাৰৰ অমিত এজেঞ্চী নামৰ এটা চিকিউৰিটি এজেঞ্চীত সোমোৱাই দিছিল সঞ্জীৱক। কিন্তু ১৯ জানুৱাৰীৰ নিশা পল্টন বজাৰৰ কিৰঞ্চি এপাৰ্টমেণ্টত সঞ্জীৱক প্ৰহাৰ কৰিছিল দুই বন্ধুৱে। তাৰ পৰাই সঞ্জীৱক লৈ যোৱা হৈছিল বিল পাৰলৈ। নিশাৰ আন্ধাৰত দুই বন্ধুৰ সহযোগত এটা গুণ্ডা বাহিনীৰ দলে প্ৰহাৰ কৰি পেলাই দিছিল সঞ্জীৱক। মাৰধৰ কৰি থকাৰ সময়ত ঘৰলৈ ফোন কৰিছিল সঞ্জীৱে। বাৰে বাৰে পৰিয়ালক বচাবলৈ আহ্বান জনাইছিল। ঘটনাৰ নিশাই পৰিয়ালৰ লোক উপস্থিত হৈছিল গুৱাহাটীত। কিন্তু কোনো সন্ধান উলিয়াব পৰা নাছিল সঞ্জীৱৰ। আনফালে দুই বন্ধুৱেও সঞ্জীৱক বিচৰাত সহযোগ কৰা নাছিল পৰিয়ালৰ লোকক। ২০ জানুৱাৰীত পল্টন বজাৰ থানাত সঞ্জীৱৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। ঘটনাৰ প্ৰায় ৫দিন পিছত GMCHত সঞ্জীৱ ভৰ্তি হৈ থকাৰ তথ্য লাভ কৰিছিল পৰিয়ালে। অতি সংকটজনক অৱস্থাত চিকিৎসা চলিছিল সঞ্জীৱৰ। কিন্তু বৃহস্পতি বাৰৰ নিশা মৃত্যুক আঁকোৱালি লয় সঞ্জীৱ নাথে। ইফালে সঞ্জীৱক মাৰধৰ কৰাৰ কথা প্ৰকাশ কৰিলে সঞ্জীৱৰ পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ প্ৰহ্লাদ নামৰ লোকজনৰ বিৰুদ্ধে। সঞ্জীৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই মৰিগাঁৱৰ বাসগৃহত মৃত্যু হয় সঞ্জীৱৰ বৰদেউতাকৰ। একেটা পৰিয়ালত আজি একেলগে জ্বলিল দুখনকৈ চিতা। দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...