কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক… উত্তৰ প্ৰদেশ, বিহাৰ নাইবা আন কোনো ঠাইত নহয়, ‘ব্ন্ধুত্ব’ৰ সম্পৰ্কত কালিমা সনা এক ঘটনা সংঘটিত হ’ল এইখন অসমত। ১৯ জানুৱাৰীত সংঘটিত হোৱা এই ঘটনাই সম্প্ৰতি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ক্ৰমে অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱসিত হোৱা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ কামৰ চলেৰে বন্ধুৱে গুৱাহাটীলৈ আনি হত্যা কৰিলে বন্ধুক। মৰিগাঁৱৰ সঞ্জীৱ নাথ নামৰ লোকজনক কাম কৰিবলৈ গুৱাহাটীলৈ মাতি আনি হত্যা কৰিলে তেওঁৰেই ২বন্ধুৱে। প্ৰহ্লাদ নাথ আৰু আনন্দ দাস নামৰ লোক দুজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ সঞ্জীৱ নাথৰ পৰিয়ালৰ।

উল্লেখ্য যে ১৭ জানুৱাৰীত কামৰ সন্ধানত দুই বন্ধুৱে গুৱাহাটীলৈ লৈ আহিছিল সঞ্জীৱক। উজান বজাৰৰ অমিত এজেঞ্চী নামৰ এটা চিকিউৰিটি এজেঞ্চীত সোমোৱাই দিছিল সঞ্জীৱক। কিন্তু ১৯ জানুৱাৰীৰ নিশা পল্টন বজাৰৰ কিৰঞ্চি এপাৰ্টমেণ্টত সঞ্জীৱক প্ৰহাৰ কৰিছিল দুই বন্ধুৱে। তাৰ পৰাই সঞ্জীৱক লৈ যোৱা হৈছিল বিল পাৰলৈ। নিশাৰ আন্ধাৰত দুই বন্ধুৰ সহযোগত এটা গুণ্ডা বাহিনীৰ দলে প্ৰহাৰ কৰি পেলাই দিছিল সঞ্জীৱক। মাৰধৰ কৰি থকাৰ সময়ত ঘৰলৈ ফোন কৰিছিল সঞ্জীৱে। বাৰে বাৰে পৰিয়ালক বচাবলৈ আহ্বান জনাইছিল। ঘটনাৰ নিশাই পৰিয়ালৰ লোক উপস্থিত হৈছিল গুৱাহাটীত। কিন্তু কোনো সন্ধান উলিয়াব পৰা নাছিল সঞ্জীৱৰ। আনফালে দুই বন্ধুৱেও সঞ্জীৱক বিচৰাত সহযোগ কৰা নাছিল পৰিয়ালৰ লোকক। ২০ জানুৱাৰীত পল্টন বজাৰ থানাত সঞ্জীৱৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। ঘটনাৰ প্ৰায় ৫দিন পিছত GMCHত সঞ্জীৱ ভৰ্তি হৈ থকাৰ তথ্য লাভ কৰিছিল পৰিয়ালে। অতি সংকটজনক অৱস্থাত চিকিৎসা চলিছিল সঞ্জীৱৰ। কিন্তু বৃহস্পতি বাৰৰ নিশা মৃত্যুক আঁকোৱালি লয় সঞ্জীৱ নাথে। ইফালে সঞ্জীৱক মাৰধৰ কৰাৰ কথা প্ৰকাশ কৰিলে সঞ্জীৱৰ পৰিয়ালৰ লোকক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ প্ৰহ্লাদ নামৰ লোকজনৰ বিৰুদ্ধে। সঞ্জীৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই মৰিগাঁৱৰ বাসগৃহত মৃত্যু হয় সঞ্জীৱৰ বৰদেউতাকৰ। একেটা পৰিয়ালত আজি একেলগে জ্বলিল দুখনকৈ চিতা। দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...