মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে উদ্ধাৰ কৰা হয় পূৰ্ণিমা দেৱ নামৰ বৃদ্ধাৰ কংকাল। ৩ মাহ পূৰ্বেই বৃদ্ধাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। ৪০ বছৰীয়া পুত্ৰৰ সৈতে ঘৰটোত থাকিছিল বৃদ্ধাগৰাকী। প্ৰতিবেশীৰ মতে বৃদ্ধাৰ পুত্ৰ জয়দ্বীপ দেৱ মানসিকভাৱে অসুস্থ। প্ৰতিবেশী কোনো লোককে ঘৰত সোমাব নিদিয়ে পুত্ৰই। শিহৰণকাৰী ঘটনাক লৈ সমগ্ৰ জ্যোতিকুছিত চাঞ্চল্য। হাবি-জংঘলেৰে ভৰি আছে পূৰ্ণিমা দেৱৰ ঘৰৰ চৌহদ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু ফৰেনছিকৰ অনুসন্ধান। সোধা-পোছাৰ বাবে জয়দ্বীপ দেৱক আটক আৰক্ষীৰ। বৃদ্ধাগৰাকীৰ হত্যাৰ সম্ভাৱনা নস্যাৎ আৰক্ষীৰ। আজি সম্পন্ন হ’ব পূৰ্ণিমা দেৱৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা। দণ্ডাধীশৰ উপস্থিতিত আজি মৰ্গলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহ। সোমবাৰে পুৱা পুনৰ ফৰেনছিকৰ দলে কৰিব অনুসন্ধান। খবৰ অনুসৰি প্ৰায়েই অনাহাৰে দিন কটাইছিল মাতৃ-পুত্ৰই। কেৱল মুড়ি আৰু ভূজিয়া খাই দিন কটাইছিল দুয়ো। ২ বছৰ পূৰ্বেই মৃত্যু হৈছে বৃদ্ধাগৰাকীৰ স্বামীৰ। ৰে’ল বিভাগৰ কৰ্মচাৰী আছিল বৃদ্ধাৰ প্ৰয়াত স্বামী। পেন্সন বঞ্চিত হোৱাৰ ভয়তে মাতৃৰ মৃত্যু গোপনে ৰাখিছিল পুত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...