মহানগৰীত মানৱতাক জোকাৰি যোৱা ঘটনা

গুৱাহাটীৰ জ্যোতিকুছিত মানৱতাক জোকাৰি যোৱা ঘটনা। দেওবাৰে ঘৰৰ ভিতৰতে উদ্ধাৰ কৰা হয় পূৰ্ণিমা দেৱ নামৰ বৃদ্ধাৰ কংকাল। ৩ মাহ পূৰ্বেই বৃদ্ধাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। ৪০ বছৰীয়া পুত্ৰৰ সৈতে ঘৰটোত থাকিছিল বৃদ্ধাগৰাকী। প্ৰতিবেশীৰ মতে বৃদ্ধাৰ পুত্ৰ জয়দ্বীপ দেৱ মানসিকভাৱে অসুস্থ। প্ৰতিবেশী কোনো লোককে ঘৰত সোমাব নিদিয়ে পুত্ৰই। শিহৰণকাৰী ঘটনাক লৈ সমগ্ৰ জ্যোতিকুছিত চাঞ্চল্য। হাবি-জংঘলেৰে ভৰি আছে পূৰ্ণিমা দেৱৰ ঘৰৰ চৌহদ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু ফৰেনছিকৰ অনুসন্ধান। সোধা-পোছাৰ বাবে জয়দ্বীপ দেৱক আটক আৰক্ষীৰ। বৃদ্ধাগৰাকীৰ হত্যাৰ সম্ভাৱনা নস্যাৎ আৰক্ষীৰ। আজি সম্পন্ন হ’ব পূৰ্ণিমা দেৱৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা। দণ্ডাধীশৰ উপস্থিতিত আজি মৰ্গলৈ প্ৰেৰণ কৰা হ’ব মৃতদেহ। সোমবাৰে পুৱা পুনৰ ফৰেনছিকৰ দলে কৰিব অনুসন্ধান। খবৰ অনুসৰি প্ৰায়েই অনাহাৰে দিন কটাইছিল মাতৃ-পুত্ৰই। কেৱল মুড়ি আৰু ভূজিয়া খাই দিন কটাইছিল দুয়ো। ২ বছৰ পূৰ্বেই মৃত্যু হৈছে বৃদ্ধাগৰাকীৰ স্বামীৰ। ৰে’ল বিভাগৰ কৰ্মচাৰী আছিল বৃদ্ধাৰ প্ৰয়াত স্বামী। পেন্সন বঞ্চিত হোৱাৰ ভয়তে মাতৃৰ মৃত্যু গোপনে ৰাখিছিল পুত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...