বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো

সুন্দৰী যুৱতীৰ নগ্ন ফটো পৰ্ণ চাইটত বিক্ৰী। বজাৰত উপলব্ধ গুৱাহাটীৰ যুৱতীৰ অশ্লীল ফটো। যুৱতীৰ নগ্ন ফটোক লৈ দৰ-দাম। এক চাঞ্চল্যকৰ খবৰে চকু কপালত তুলিছে খোদ তদন্তকাৰী আৰক্ষীৰ। প্ৰাক্তন প্ৰেমিকে দুষ্ট চক্ৰৰ হাতত গতালে প্ৰেয়সীৰ অশ্লীল ফটো।

এক ভয় লগা বেহা। টকাৰ বিনিময়ত পৰ্ণ চাইটত অসমৰ যুৱতীৰ নগ্ন ফটো বিক্ৰী কৰিছে এটা দুষ্ট চক্ৰই। চাইবাৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ সত্য।

গুৱাহাটীৰ হাতীগাঁৱত বিভৎস কাণ্ড। নিষিদ্ধ পৰ্ণ চাইটৰ গ্রুপত যুৱতীৰ ফটো বিক্ৰী। কেৱল ইমানেই নহয়, অশ্লীল ফটোগ্ৰাফ বিক্ৰীৰ পূৰ্বে দুষ্ট চক্ৰৰ দৰ-দাম। টেলিগ্ৰামত যুৱতীৰ ফটো বিক্ৰিৰ ভয়ংকৰ বেহা। ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ থানাত ভূক্তভোগীৰ গোচৰ

06/25 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ আৰক্ষীৰ। দুষ্ট চক্ৰৰ কবলত পৰা ভূক্তভোগী যুৱতীগৰাকী কাহিলিপাৰৰ জটিয়াৰ। সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড গৌতম দাস। প্ৰাক্তন প্ৰেমিক গৌতম দাস আৰক্ষীৰ জালত। গৌতমক জেৰাৰ অন্তত আৰক্ষীয়ে অভিযান চলাই হাতীগাঁৱত। যুৱতীৰ নগ্ন ফটো টেলিগ্ৰামত বীট লগাই প্ৰচাৰ চক্ৰটোৰ। অভিযানত গ্ৰেপ্তাৰ ১৯ বছৰীয়া অভিযুক্ত মানচাহাব বিশ্বাস। দুই অভিযুক্ত এতিয়া থানাৰ লকআপত

প্ৰশ্ন হয়, কিমান যুৱতী-মহিলাৰ নগ্ন ফটো বজাৰত মেলি দিছে চক্ৰটোৱে? নগ্ন ফটোৰ নামত কিমান ধন হৰলুকি কৰিছে চক্ৰটোৱে? সকলো তথ্যৰ উত্তৰ বিচাৰি আৰক্ষীয়ে এতিয়া জেৰা অব্যাহত ৰাখিছে দুই অভিযুক্তক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...