অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী। দৈনিক সংবাদ শিৰোনাম দখল কৰিছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই। তাৰ মাজতে এইবাৰ গুৱাহাটীত সংঘটিত আন এক আচৰিত ঘটনা। চুৰি কৰিবলৈ মহিলাৰ পৰিধান কৰিলে চোৰে। লক্ষ্মী পূজাৰ নিশা মহানগৰীত সংঘটিত হৈছে এই চুৰিৰ ঘটনা। সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হয় CCTVত। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত। উল্লেখ্য যে অঞ্চলটোত একাংশ চোৰে এইদৰে প্ৰায়ে সংঘটিত কৰি আহিছে চুৰিকাণ্ড। নিশা বশিষ্ঠৰ স্বৰ্গপুৰৰ দ্বীপ কলিতা নামৰ লোকজনৰ স্কুটি চুৰি কৰি নিয়ে মহিলাৰূপী চোৰটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...