জীৱশ্ৰেষ্ঠৰ নিকৃষ্টতাই হতভম্ব কৰিব আপোনাকো

কিমান মনত গৰল থাকিলে মানুহে এনে কৰিব পাৰে? কিমান শত্ৰুতা পুহি ৰাখিলে ঢালিব পাৰে বিহ? চেঙাৰ বাঘমাৰা চৰত অনাহুত ঘটনা। পুখুৰীত বিহ ঢালি নিধন হাজাৰ হাজাৰ মাছ। ঘটনাটো চেঙাৰ আলোপতি চৰ আৰক্ষী থানা এলেকাৰ। পুৱাৰ ভাগত ৪নং বাঘমাৰাচৰত হাহাকাৰ লাগিল। অলেখ আশাৰে লাখ লাখ টকা বিনিয়োগ কৰি পুখুৰীত এৰা হৈছিল মাছ। ৰাতিলৈকে ঠিকে থকা মাছখিনি পুৱাই পুখুৰীত উপঙি থাকিল। পুখুৰীটো গাঁওখনৰে শ্বাহজামাল নামৰ এজন লোকৰ। প্ৰায় ৪ লাখ টকাৰ মাছ পোৱা গ’ল। দুই, একে ওপঙি থকা মাছ গোটালে। তাৰ পাছতে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতি।

প্ৰায় ৪ লক্ষাধিক টকাৰ মাছ মৰি থাকিল। কোনো অদ্যপি অচিনাক্ত দূৰ্বৃত্তৰ নিৰংকুশ আক্ৰমণৰ বলি হ’ল পৰিয়ালটো। অঞ্চলটোৰ ৰাইজো গোট খালে এইদৰেই। ঘটনাক কেন্দ্ৰ কৰি প্ৰকাশ কৰিলে খেদ। হাজাৰ হাজাৰ মাছৰ এই নিধনে চিন্তাম্বিত কৰিছে সকলোকে। মাছৰ ব্যৱসায়েৰে চলাই যোৱা জীৱন সংগ্ৰামত এয়া যেন নিৰ্ঘাত বাধা। ৰাইজে অভিযোগ কৰিছে এয়া নিকৃষ্ট মানসিকতাৰ কাম। দোষীৰ শাস্তিৰো দাবী উঠিছে। একে সময়তে প্ৰশ্ন উঠিছে, মাছৰ ব্যৱসায়ৰে চলি থকা মানুহক পেটে-ভাতে মৰাৰ কাৰ এই নৃশংস চেষ্টা? কি শত্ৰুতাত এই জঘন্য ঘটনা? তদন্তত সকলো আহিব পোহৰলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...